কাকপথাৰৰ লংকাদ্বীপত বিৰল প্ৰজাতিৰ পক্ষী

0
450
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা কিছু নিলগৰ ৰনং হাতীগড়ৰ লংকাদ্বীপত প্ৰত্যক্ষ কৰা বিৰল প্ৰজাতিৰ পক্ষীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত উছৱমুখৰ পৰিৱেশৰ সূচনা হৈছে৷ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত লংকাদ্বীপত বিভিন্ন পশু-পক্ষীৰ বিচৰণথলী হিচাপে পৰিচিত৷ এনে এক প্ৰাকৃতিক নিৰ্জনতাৰ বাবেই গাঁওখনলৈ আহিল এবিধ বিৰল প্ৰজাতিৰ পক্ষী৷ এমাহ নহয়, প্ৰায় ডেৰ-দুমাহ ধৰি নিৰ্দিষ্ট এইখিনি ঠাইকে বিচৰণথলী হিচাপে বাছি লৈছে পক্ষীটোৱে৷ ৰনং হাতীগড় গাঁৱৰ লংকাদ্বীপৰ দীপক মহন্তৰ বাৰীত প্ৰত্যক্ষ কৰিছে এই পক্ষীটো৷ প্ৰায় ডেৰ-দুমাহমান পূৰ্বে প্ৰত্যক্ষ কৰা বিৰল প্ৰজাতিৰ চৰাইটো দীপক মহন্তৰ বাৰীত এক নিৰ্দিষ্ট স্থানত বিচৰণ কৰি থকাৰ পাছতে গাঁওখনৰ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হয়৷ ফলত উক্ত চৰাইটো স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ গাঁওখনলৈ বিভিন্ন অঞ্চলৰ ৰাইজৰ সমাগম হয়৷ উল্লেখ্য যে পক্ষীবিধৰ মুখ আৰু গাৰ বৰণে সকলোকে আচৰিত কৰি তুলিছে৷ আনহাতে বন্যপ্ৰাণী সংৰক্ষণ আৰু বন বিভাগৰ লোক এই স্থানত উপস্থিত হৈ পক্ষীবিধ পৰীক্ষা-নিৰীক্ষা কৰি দিনকণা বা Great Eared Nightjar নামৰ চৰাই বুলি নিশ্চিত কৰে৷ বিশেষকৈ দক্ষিণ ভাৰতৰ কিছু ঠাইত এইবিধ চৰাই দেখিবলৈ পোৱা চৰাইবিধ লুপ্তপ্ৰায় হ’বলৈ ধৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here