WhatsApp-ৰ যোগেদি বুক কৰিব পাৰিব ভেক্‌চিন লোৱাৰ তাৰিখ

0
447
WhatsApp-এ জনায় যে মাইগভ কৰ’না হেল্পডেস্কে (MyGov Corona Helpdesk) ইয়াৰ মঞ্চত এতিয়া ব্যৱহাৰকাৰীক তেওঁলোকৰ ওচৰৰ ভেক্‌চিন কেন্দ্ৰ বিচাৰি উলিওৱাত আৰু ভেক্‌চিন লোৱা দিনৰ বাবে আগতীয়াকৈ বন্দৱস্ত কৰাত সহায় কৰিব৷ উল্লেখ্য যে যোৱা ৫ আগষ্টত মাইগভ আৰু ৱাট্‌ছএপে ব্যৱহাৰকাৰীক WhatsApp-ৰ যোগেদি ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ ডাউনল’ড কৰাৰ সুবিধা আৰম্ভ কৰিছিল৷ এতিয়ালৈকে দেশত ৩২ লাখ লোকে WhatsApp-ৰ যোগেদি ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ ডাউনল’ড কৰিছে৷ WhatsApp-ত মাইগভ কৰ’না হেল্পডেস্কৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ফ’নত ৱাট্‌ছএপ নম্বৰ ৯০১৩১৫১৫১৫ ছে’ভ কৰি ল’ব লাগিব৷ তাৰ পাছত Book Slot বুলি লিখি ‘চাট’ আৰম্ভ কৰিব লাগিব আৰু উক্ত নম্বৰটোলৈ পঠাই দিব লাগিব৷ ই ছটা সংখ্যাৰ ৱান টাইম পাছৱৰ্ড (OTP দিব)৷ ব্যৱহাৰকাৰীয়ে পিনক’ড আৰু ভেক্‌চিনৰ ধৰণ অনুসৰি তেতিয়া তাৰিখ আৰু ঠাই পচন্দ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here