অক্টোবৰত কভিডৰ তৃতীয়টো ঢৌৱে ল’ব চৰম ৰূপ : গৃহ মন্ত্ৰ্যালয়

0
544
দেশত অক্টোবৰত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে চৰম ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ এই আশংকা প্ৰকাশ কৰিছে National Institute of Disaster Management-ৰ অধীনত গঠন কৰা এখন বিশেষজ্ঞ কমিটীয়ে৷ কমিটীয়ে ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ছেপ্টেম্বৰৰ শেষৰফালে দেশত সংক্ৰমণৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনত এইবুলিও কোৱা হৈছে যে তৃতীয়টো ঢৌত প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ সংক্ৰমণৰ হাৰ অধিক হ’ব বুলি নিশ্চিত কোনো তথ্য নাই৷ ইয়াত লগতে কোৱা হৈছে যে প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ সংক্ৰমণ হোৱাৰ আশংকা সমান৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশত গঠন কৰা বিশেষজ্ঞ কমিটীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এই প্ৰতিবেদন দাখিল কৰিছে৷ ইয়াত এই বুলি কোৱা হৈছে যে শিশুৰ বাবে স্বাস্থ্য সুবিধা– চিকিৎসক, কৰ্মচাৰী, ভেণ্টিলেটৰ, এম্বুলেঞ্চৰ দৰে সা-সুবিধা পৰ্যাপ্ত নহয়৷ বৃহৎসংখ্যক শিশু আক্ৰান্ত হ’লে ইয়াৰ প্ৰয়োজন হ’ব৷ ইয়াত গুৰুতৰ ৰোগত আক্ৰান্ত আৰু বিকলাংগ শিশুৰ টিকাকৰণত অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াত লগতে এইবুলিও কোৱা হৈছে যে বিভিন্ন অধ্যয়নত তৃতীয় ঢৌৰ কথা কোৱা হৈছে যদিও ই অনুমানহে৷ তৃতীয়টো ঢৌত অধিক শিশু আক্ৰান্ত হোৱাৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবেদনখনত শিশুৰ বাবে চিকিৎসালয়ত সম্পূৰ্ণ সা-সুবিধা প্ৰস্তুত কৰি ৰখাৰ পৰামৰ্শ দিছে৷  শিশুৰ বাবে চিকিৎসক, চিকিৎসা কৰ্মী ভেণ্টিলেটৰ, এম্বুলেঞ্চ, অক্সিজেন আদি সাজু কৰি ৰাখিবলৈ কোৱা হৈছে৷ ইয়াৰ লগতে বৃহৎ হাৰত শিশুৰ টিকাকৰণতো গুৰুত্ব আৰোপ কৰা হৈছে৷ আনহাতে শিশুৰ লগতে অভিভাৱকো থাকিব পৰাকৈ কভিড ৱাৰ্ডৰ ব্যৱস্থা কৰিব লাগে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ছেপ্টেম্বৰৰ শেষৰফালে কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ প্ৰভাৱ আৰম্ভ হ’ব৷ অক্টোবৰত প্ৰতিদিনে ৫ লাখতকৈ অধিক লোকৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here