আপুনিও এখন ধুনীয়া, বগা আৰু দাগবিহীন ছালৰ গৰাকী হ’বলৈ বিচাৰে নেকি? তেন্তে লওক এইকেইটা টিপ্ছ-
(১) ছালৰ ৰং বগা কৰিবলৈ অমিতা আৰু কল বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে পকা অমিতা আৰু কল একেলগে ফেনেকি তাত অলপ মৌ মিহলি কৰি ল’ব লাগে৷ তাৰ পাছত মিশ্ৰণটো ২০ মিনিটমান মুখত লগাই শুকোৱাৰ পাছত ধুই দিলে সুফল পোৱা যায়৷
(২) দৈ আৰু চাউলৰ গুৰিয়েও ছালৰ ৰং বগা কৰে৷ ইয়াৰ বাবে এই দুয়োবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি আধা ঘণ্টামান মুখত লগাই শুকোৱাৰ পাছত ভালকৈ ঘঁহি ঘঁহি ধুই দিব লাগে৷
(৩) হালধি আৰু দৈ মিশ্ৰণ কৰি ছালত লগালেও ছাল বগা আৰু মসৃণ হয়৷
(8) নেমুৰ ৰসত থকা এণ্টিঅক্সিডেণ্টে ছালৰ ৰং উন্নত কৰাত সহায় কৰে৷ ইয়াৰ বাবে আপুনি নেমুৰ ৰসৰ লগত অলপ পানী নাইবা মৌ মিশ্ৰণ কৰি দহ মিনিটমান মুখত লগাই ধুই দিব লাগে৷
(৫) তিয়ঁহৰ ৰস আৰু এলোভেৰা জেল একেলগে মিশ্ৰণ কৰি ছালত লগালেও ছালৰ ৰং বগা আৰু উজ্জ্বল হোৱাত যথেষ্ট সহায় কৰে৷