Zydus Cadila-ৰ তিনিটা ড’জৰ ভেক্‌চিনৰ অনুমোদন

0
1806
Zydus Cadila-ই প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেক্‌চিন ZyCoV-D-ৰ জৰুৰী ব্যৱহাৰত ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকৰ অধীনৰ বিশেষজ্ঞ কমিটীয়ে অনুমোদন জনাইছে৷ এই ভেক্‌চিনৰ তিনিটা ড’জ ল’ব লাগে৷ বিশেষজ্ঞ কমিটীয়ে এই ভেক্‌চিনৰ দুটা ড’জৰ প্ৰভাৱৰ বিষয়ে অতিৰিক্ত তথ্য বিচৰা বুলি লগতে কোৱা হৈছে৷ উল্লেখ্য যে জায়ডাছে এই ভেক্‌চিনৰ অনুমোদনৰ বাবে যোৱা ১ জুলাইত আৱেদন জনাইছিল৷ কোম্পানীটোৱে ২৮ হাজাৰ স্বেচ্চাসেৱকক লৈ কৰা অন্তিম পৰ্যায়ৰ পৰীক্ষাৰ ভিত্তিত এই আৱেদন জনাইছিল৷ এই ভেক্‌চিন কৰ’না ভাইৰাছৰ বিৰুদ্ধে ৬৬.৬ শতাংশ কাৰ্যকৰী বুলি কোৱা হৈছে৷ আনহাতে ১২-১৮ বছৰৰ শিশুৰ বাবে এই ভেক্‌চিন একেবাৰে নিৰাপদ বুলিও কোৱা হৈছে৷ জৰুৰী ব্যৱহাৰৰ পাছত সম্পূৰ্ণৰূপে অনুমোদন জনালে ZyCoV-D ভাৰতত প্ৰস্তুত তথা উৎপাদন কৰা দ্বিতীয়টো ভেক্‌চিন হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here