শৰীৰৰ চৰ্বি কমাবলৈ এইকেইবিধ খাওক

0
1215
আমাৰ দৈনন্দিন জীৱনধাৰাৰ পৰিৱৰ্তনৰ কাৰণে স্থূলতা বা মেদবহুলতা এটা সাধাৰণ বিষয় হৈ পৰিছে৷ স্থূলতাই কেৱল দেহৰ সৌন্দৰ্যতেই প্ৰভাৱ নেপেলায়, ই বিভিন্ন বেমাৰৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে সময়ত ওজন হ্ৰাস নকৰিলে পৰৱৰ্তী সময়ত বহুতো সমস্যাৰ কাৰণ হ’ব পাৰে৷ শৰীৰৰ চৰ্বি কমোৱাৰ বাবে গৰমপানী খাবলৈ পৰামৰ্শ দিয়া হয় আৰু ইয়াৰ বিভিন্ন উপকাৰিতা আছে যদিও জিৰা, ধনিয়া আৰু গুৱামূৰি এই তিনিবিধ মছলাই শৰীৰৰ চৰ্বি কমোৱাত যথেষ্ট ফলদায়ক কাম কৰে৷ জানো আহক কিদৰে এই তিনিবিধ মছলাই আমাক চৰ্বি কমোৱাত সহায় কৰে–

(১) জিৰাই পৰিপাক ক্ৰিয়া বঢ়োৱাত সহায় কৰে৷ যাৰ ফলত দ্ৰুতভাৱে ওজন হ্ৰাস হয়৷ ইয়াৰ উপৰি জিৰাই হজম হোৱাতো সহায় কৰে৷ জিৰাত থকা থাইমল নামৰ উপাদানে হজম ৰস বঢ়াই তোলে৷


(২) ধনিয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-K, ভিটামিন-A, ভিটামিন-B পোৱা যায়৷ ইয়াৰ উপৰি খনিজ পদাৰ্থ আৰু প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থাকে৷ ইয়াত থকা ফাইবাৰে দেহৰ ওজন হ্ৰাস কৰাৰ লগতে হজম শক্তি বঢ়ায়৷


(৩) গুৱামূৰি ওজন কমোৱাৰ বাবে খুব উপকাৰী৷ ই ফাইবাৰেৰে সমৃদ্ধ হোৱা বাবে ভোক নিবাৰণত সহায় কৰে৷ গুৱামূৰিয়ে শৰীৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰে৷ ইয়াৰ ফলত হজম প্ৰক্ৰিয়াত সহায় হয়৷


আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে ওজন কমোৱাত শৰীৰচৰ্চাৰ উপৰি এইধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে দ্ৰুতভাৱে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ গৰম পানীত দুই চামুচ জিৰা, দুই চামুচ ধনিয়া আৰু দুই চামুচ গুৱামূৰি মিহলাই লওক৷ গোটেই মিশ্ৰণটো এটা অন্য পাত্ৰত গৰম পানীৰ সৈতে মিহলাই সুৰক্ষিত কৰি ৰাখক৷ পুৱা মিশ্ৰণটো অলপ গৰম কৰি লৈ পানীখিনি অন্য এটা পাত্ৰত চেকি ল’ব৷ পাছত খালী পেটত এই মিশ্ৰণখিনি খাব৷ ইয়াৰ সৈতে আপুনি মৌও মিহলাই ল’ব পাৰে৷ কেইদিনমান খোৱাৰ পাছতে দেখিব আপোনাৰ দেহৰ ওজন ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here