প’ষ্ট কভিড হস্পিটেল হ’ব কালাপাহাৰৰ কভিড হস্পিটেল

0
765
কভিডৰ পাছৰ স্বাস্থ্য জটিলতাত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ কালাপাহাৰস্থিত কভিড চিকিৎসালয়খনক এতিয়াৰে পৰা প’ষ্ট কভিড হস্পিটেল হিচাপে  ঘোষণা কৰিছে স্বাস্থ্য বিভাগে৷ কভিড আক্ৰান্ত একাংশ লোকে কভিডৰ পৰা আৰোগ্য হোৱাৰ পাছতো আন গুৰুতৰ স্বাস্থ্য জটিলতাত ভুগিব লগা হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ বাবে কালাপাহাৰৰ চিকিৎসালয়খনক স্বাস্থ্য বিভাগে প’ষ্ট কভিড হস্পিটেল ৰূপে সাজু কৰাৰ সিদ্ধান্ত লৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ’বলগা এই প’ষ্ট কভিড হস্পিটেলখন অহা সপ্তাহত ৰাইজৰ সেৱাত মুকলি কৰা হ’ব৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যক লগত লৈ এই চিকিৎসালয়খন পৰিদৰ্শন কৰি প’ষ্ট কভিড হস্পিটেললৈ উন্নীত কৰিবলৈ লোৱা ব্যৱস্থাৱলীৰ পৰ্যবেক্ষণ কৰে৷ এই প’ষ্ট কভিড হস্পিটেলত অহা সপ্তাহৰ পৰাই কভিডৰ পাছৰ স্বাস্থ্য জটিলতাত ভোগা লোকলৈ চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ সকলো ব্যৱস্থা জৰুৰীভাৱে সাজু কৰিবলৈ পৰিদৰ্শন কালত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক দিহা দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here