ভাল লাগিলে বুলিয়েই এইবোৰ পাচলি বেছিকৈ নাখাব

0
394
এটা সুস্থ দেহৰ গৰাকী হৈ থাকিবলৈ চিকিৎসকসকলে দৈনিক নিজৰ খাদ্য তালিকাত শাক-পাচলি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে৷ বিভিন্ন ধৰণৰ ভিটামিন, মিনাৰেল, খনিজ পদাৰ্থ তথা শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানেৰে পৰিপূৰ্ণ হৈছে শাক-পাচলি৷ কিন্তু কিছুমান এনেকুৱা শাক-পাচলিও আছে,যাৰ অত্যধিক সেৱনে আপোনাৰ শৰীৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

(১) ফুলকবি খাবলৈ সোৱাদযুক্ত৷ বহুতেই ফুলকবিক শুকান ভাজি, তৰকাৰী, ফুলকবিৰ চপ আদি কৰি খাই ভাল পায়৷ কিন্তু উচ্চ ফাইবাৰযুক্ত ফুলকবি খালে আপোনাৰ গেছ, এচিডিটি, পেট ফুলা আদি সমস্যা হ’ব পাৰে৷

Cauliflower Supplies are Plentiful and High Quality – Chasin Foods


(২) কাঠফুলাৰ তৰকাৰী দেশে-বিদেশে জনপ্ৰিয়৷ কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত কাঠফুলা খালে এলাৰ্জি হ’ব পাৰে৷ আনকি প্ৰয়োজনতকৈ অধিক কাঠফুলা খালে আপোনাৰ ডায়েৰিয়া, বমি, মাংসপেশী দুৰ্বল হ’ব পাৰে৷ ইয়াৰ উপৰি কিছুমান কাঠফুলা বিষাক্তও থাকে৷ যাৰ সেৱনৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক৷

Mushroom and its types: Know the benefits and side effects of Mushroom - Sentinelassam


(৩) নেমুৰ উপকাৰিতাৰ বিষয়ে আপোনালোকেতো জানেই৷ কিন্তু অত্যধিক নেমু খালে ইয়াত থকা এচিডে আপোনাৰ দাঁত ক্ষয় যোৱাত অৰিহণা যোগাব পাৰে৷ লগতে যিসকল লোকৰ এচিডিটিৰ সমস্যা আছে, তেওঁলোকে খালী পেটত নেমু খালে বুকু জ্বলা-পোৰা, গেছ আদি হ’ব পাৰে৷

Lemon Juice May Squeeze Away Important Tooth Enamel - Vibrant Smiles Mableton GA Dentist Dr Chea Rainford


(8) বিট খোৱা শৰীৰৰ কাৰণে খুবেই ভাল৷ কিন্তু অধিক বিট খালে পাশ্বৰ্ক্ৰিয়া হৈ আপোনাৰ প্ৰস্ৰাৱৰ ৰং, জিভাৰ ৰং সলনি হ’ব পাৰে৷ অৱশ্যে ইয়াৰ বাবে অধিক আতংকিত হোৱাৰ কাৰণ নাই৷

9 Impressive Health Benefits of Beets


(৫) কিডনীজনিত সমস্যা থকা লোকসকলে অধিক পটাচিয়াম আৰু ফচফৰাছ থকা পাচলি পৰিহাৰ কৰা উচিত৷ কিয়নো কিডনীয়ে তেজৰ পৰা এনেবোৰ উপাদান বাহিৰ কৰিবলৈ অসমৰ্থ হয়৷ সেয়েহে ৰোগীয়ে কাঠফুলা, আলু আদি খোৱা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here