ভাৰতত কভিড টিকাকৰণে নিতৌ নতুন অভিলেখৰ সৃষ্টি কৰিছে৷ ১৬ আগষ্টত দেশত ৮৮,১৩,৯১৯ পালি ভেক্চিন দিয়া হৈছে৷ ই হৈছে এদিনত দিয়া ভেক্চিনৰ পালিৰ ক্ষেত্ৰত অভিলেখ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা জনায়৷ ইয়াকে ধৰি এতিয়ালৈকে সমগ্ৰ দেশত ৫৫,৪৭,৩০,৬০৯ পালি ভেক্চিন দিয়া হ’ল৷ আনহাতে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে জনায় যে ৰাজ্যখনত মুঠ জনসংখ্যাৰ ৫০ শতাংশক কভিড-১৯-ৰ প্ৰথম পালি ভেক্চিন দিয়া হৈছে৷ তেওঁ জনায় যে সোমবাৰলৈকে মুঠ ১,৭৭,৮৮,৯৩ গৰাকী লোকে শতাংশ হিচাপত ৫০.২৫ শতাংশ প্ৰথম পালি ভেক্চিন লাভ কৰিলে৷ ২০২১ চনৰ পূৰ্বানুমান মতে কেৰালাৰ জনসংখ্যা হ’ব ৩.৫৪ কোটি৷ ৰাজ্যখনত এতিয়ালৈকে ২,৪৫,১৩,২২৫ পালি ভেক্চিন দিয়া হৈছে৷ ইয়াৰে ১,৭৭,৮৮,৯৩১ পালি প্ৰথম, ৬৬,২৪,২৯৪ পালি দ্বিতীয়৷