জনস্বাস্থ্যৰ প্ৰতি ভাবুকি মুকলিকৈ চলাই আহিছে মাছ-মাংসৰ ব্যৱসায়

0
1257
জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে দীৰ্ঘদিন ধৰি মুকলিকৈ চলাই আহিছে মাছ-মাংসৰ ব্যৱসায়৷ পৌৰ নিগম কৰ্তৃপক্ষই এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কেতিয়াবা অভিযান চলায় যদিও পুনৰ অস্বাস্থ্যকৰ পৰিৱেশতে ব্যৱসায়ীসকলে মাছ-মাংস বিক্ৰী কৰি আহিছে৷ উল্লেখ্য যে মহানগৰৰ বিভিন্ন ঠাইত এতিয়া মুকলি আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰা এক প্ৰতিযোগিতাৰ দৰে হৈ পৰাৰ লগতে অধিকাংশ ব্যৱসায়ীৰেই নাই পৌৰ নিগমৰ মাছ-মাংস বিক্ৰীৰ বাবে থাকিবলগীয়া অনুজ্ঞাপত্ৰ৷ এইদৰেই আইন উলংঘা কৰি একাংশই কৰি আহিছে মাছ-মাংসৰ ব্যৱসায়৷ বিশেষকৈ সমগ্ৰ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰতেই মাছ-মাংসৰ চাহিদা অত্যধিক৷ যাৰ পৰিপেক্ষিতত বহিঃৰাজ্যৰ লগতে কাষৰীয়া জিলাৰ পৰা দৈনিক গুৱাহাটীলৈ বৃহৎ পৰিমাণৰ মাছ-মাংস আহে৷ ইয়াৰে বহিঃৰাজ্যৰ পৰা অহা মাছ-মাংসসমূহ গুৱাহাটীলৈ বিক্ৰীৰ বাবে লৈ অহা থলুৱা ব্যৱসায়ীসকলে একাংশ পথৰ কাষত বা বিভিন্ন অস্বাস্থ্যকৰ ঠাইত বিক্ৰী কৰে৷ দীৰ্ঘদিন ধৰি মহানগৰত এনে ব্যৱস্থাই অব্যাহত আছে৷ কাৰণ একাংশ ব্যৱসায়ীয়ে পদপথতে মুকলিকৈ মাছ-মাংস বিক্ৰী কৰাৰ ফলত পদপথেৰে অহা-যোৱা কৰা লোকৰ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে মাছ-মাংসৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ ফলত ঠাইসমূহ দুৰ্গন্ধময় হৈ পৰাত পথচাৰী অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷ আনহাতে অস্বাস্থ্যকৰ আৰু মুকলি পৰিৱেশত বিক্ৰী কৰা মাংস খাই  গ্ৰাহকসকলো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে৷ এইদৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই মহানগৰত মাছ-মাংস বিক্ৰী কৰি থকা ব্যৱসায়ীসকলৰ বিৰুদ্ধে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই এক নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ অবিহনে মহানগৰত মাছ-মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি অস্বাস্থ্যকৰ পৰিৱেশ আৰু মুকলিকৈ ব্যৱসায়ীসকলে মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব৷ গুৱাহাটী পৌৰ নিগম আইন অনুসৰি এই নিৰ্দেশনা উলংঘা কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে পৌৰ নিগম কতৃৰ্পক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here