শৰীৰৰ অন্য অংগৰ লগতে চকুৰ চেলাউৰিও আপোনাৰ মুখৰ সৌন্দৰ্য ফুটাই তোলাত বিশেষ ভূমিকা পালন কৰে৷ সকলো মানুহৰে চেলাউৰিৰ আকৃতি বেলেগ বেলেগ৷ কিছুমানৰ পোন, কিছুমানৰ অলপ ওপৰলৈ উঠা, কিছুমানৰ ধেনুভিৰীয়া আদি৷ কিন্তু চেলাউৰিৰ নোম পাতল হ’লে দেখিবলৈ কিবা এটা ভাল নালাগে৷ অৱশ্যে আজিকালি বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি চেলাউৰি দেখিবলৈ ডাঠ কৰি ল’ব পাৰি৷ কিন্তু কিমান আৰু আপুনি চেলাউৰি আঁকি থাকিব৷ সেয়েহে প্ৰাকৃতিক উপায়েৰে চেলাউৰিৰ নোম বৃদ্ধি কৰা উচিত৷
আপুনি আপোনাৰ ঘৰতে পোৱা তেল ব্যৱহাৰ কৰি চকুৰ চেলাউৰিৰ নোম বৃদ্ধি কৰিব পাৰে৷ এই ক্ষেত্ৰত অলিভ অইল, কেষ্টৰ অইল, নাৰিকল তেল আৰু বাদাম তেল বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে গোটেইকেইবিধ তেলৰ দুচামুচকৈ লৈ একেলগে মিশ্ৰণ কৰি এটা কাচৰ পাত্ৰত তেলখিনি ৰাখি থওক৷ আৰু দৈনিক এই তেলেৰে ৰাতি শোৱাৰ আগতে চেলাউৰি মালিচ কৰক৷ এমাহমান এই তেল ব্যৱহাৰ কৰিলে ইয়াৰ পাৰ্থক্য আপুনি নিজেই অনুমান কৰিব পাৰিব৷