হাতত পৰা বয়সৰ চাপ দূৰ কৰক– এনেদৰে

0
844
মুখৰ সৌন্দৰ্যৰ লগতে আপোনাৰ হাতৰ সৌন্দৰ্যও ধৰি ৰখাৰ খুবেই প্ৰয়োজন৷ সঠিক পৰিচৰ্যাৰ অভাৱত, ৰ’দ-বতাহ, ধূলি-বালি, কাপোৰ ধোৱা, বাচন ধোৱা আদি কাম কৰি থকাৰ ফলত আমাৰ হাত দুখনৰ সৌন্দৰ্য সোনকালে ম্লান পৰে লগতে বয়সৰ চাপো পৰা দেখা যায়৷ যিহেতু আমি বেছিভাগ কাম হাত দুখনেৰেই কৰোঁ, সেয়েহে ইয়াৰ সঠিক যতন লোৱাটো আপোনাৰ দায়িত্ব৷ সেয়েহে জানো আহক হাত দুখনক সুন্দৰ কৰি ৰাখিবলৈ আপুনি কি কৰিব?

(১) বয়সৰ চাপ নপৰিবলৈ শৰীৰটোক তথা ছালখনক হাইড্ৰেট কৰি ৰখা খুবেই প্ৰয়োজন৷ কিয়নো শুকান ছালত সহজে বয়সৰ চাপ পৰে৷ সেয়েহে হাত ধোৱাৰ পাছত সদায় মইশ্বৰাইজাৰেৰে হাত দুখন মালিচ কৰা উচিত৷

DIY Moisturizing Hand Mask: Great For At-Home Manicures! | Anti aging hand cream, Manicure at home, Hand mask


(২) হাত ধোওঁতে অধিক খাৰযুক্ত চাবোন ব্যৱহাৰ কৰিলে হাতৰ মসৃণতা নাইকিয়া হয়৷

How to Wash Your Hands and How Long It Takes to Get Clean


(৩) ৰ’দত বাহিৰলৈ ওলাই যোৱাৰ আগতে মুখত যেনেদৰে ছানস্ক্ৰীন লগায়, ঠিক তেনেকৈ হাততো ছানস্ক্ৰীন লগাইহে বাহিৰলৈ ওলাব৷ কিয়নো সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত মুখতকৈ আগতে হাত দুখনতহে টেন পৰে৷

7 Sunscreen Tips — Especially for Outdoor + Sports Lovers – Cleveland Clinic


(8)
সপ্তাহত এদিন হাত দুখনক স্ক্ৰাব কৰিলে ই মৃত কোষসমূহ পৰিষ্কাৰ কৰি হাত দুখনক বয়সৰ চাপ পৰাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷ ইয়াৰ বাবে আপুনি চেনি, অলিভ অইল আৰু নেমুৰ ৰসেৰে তৈয়াৰী স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে৷

Easy Hand Care Routine for Well-Cared-for Hands - Living.Pretty.Happy


(৫)
শুকান হাতৰ মসৃণতা ঘূৰাই আনিবলৈ এলোভেৰা জেল কাৰ্যকৰী৷ ইয়াৰ বাবে এলোভেৰা পাতৰ পৰা ওলোৱা সতেজ জেলখিনি মৌৰ লগত মিশ্ৰণ কৰি হাতত মাচাজ কৰিব লাগে৷ দহ-পোন্ধৰ মিনিটমান তেনেকৈ ৰাখি ধুই দিলে সুফল পোৱা যায়৷

Homemade Aloe Vera Scrub For Soft Hands - Boldsky.com


(৬) নাইবা যিকোনো প্লেণ্ট অইল যেনে নাৰিকল তেল, অলিভ অইল বা যিকোনো ভিটামিন-E যুক্ত তেলেৰে দৈনিক হাত দুখন মালিচ কৰিলে অকাল বাৰ্ধক্য চাপৰ পৰা হাত দুখনক ৰক্ষা কৰিব পাৰিব৷

The Essential Uses of Castor Oil In Your Beauty Routine

LEAVE A REPLY

Please enter your comment!
Please enter your name here