NASA-ৰ সতৰ্কবাণী : পানীত বুৰ যাব ভাৰতৰ ১২খন চহৰ!

0
703

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASA-ই এইবুলি সতৰ্কবাণী শুনাইছে যে অচিৰেই বৃহৎ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে ভাৰত৷ Intergovernmental Panel on Climate Change চমুকৈ IPCC-য়ে বিশ্বজুৰি সমুদ্ৰৰ জলপৃষ্ঠৰ কি পৰিৱৰ্তন হৈছে ইয়াক লৈ কৰা এক প্ৰতিবেদন বিশ্লেষণ কৰিছে NASA-ই৷ প্ৰতিবেদন মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বৰ হিমবাহৰ দ্ৰুত গলন প্ৰক্ৰিয়া চলি আছে৷ ইয়াৰ ফলতে মহাসাগৰৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ NASA-ই এই প্ৰতিবেদনখন বিশ্লেষণ কৰিয়েই ভাৰতৰ উপকূলীয় মহানগৰবোৰৰ এখন তালিকা যুগুত কৰিছে৷ ভাৰতৰ এই উপকূলৱৰ্তী মহানগৰসমূহৰ ভিতৰত মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনম, ভাবনগৰ,পাৰাদ্বীপ, ওখা, কান্দলা, মেংগালুৰু, টুটিকৰিন, পশ্চিম বংগৰ খিদিৰপুৰ উপকূলীয় অঞ্চল মুঠ ১২খন চহৰৰ পৰিস্থিতি এনে পৰ্যায়লৈ যাব পাৰে যে তিনি ফুট বা তাতোকৈ বেছি পানীৰ তলত থাকিব লগা হ’ব পাৰে চহৰকেইখন৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে এনে বিপৰ্যয় আহিব পাৰে বুলি পূৰ্বানুমান কৰিছে সংস্থাটোৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here