মাতৃ অবিহনে মানৱ জীৱন অসম্পূৰ্ণ হৈ ৰয়। আইৰ সমান হ’ব কোন ? নৈৰ সমান ব’ব কোন ? এটি নৱজাত শিশু মাতৃদুগ্ধ অবিহনে সম্পূৰ্ণ পৰিপুষ্ট নহয়। ক’বলৈ গ’লে শিশু এটিয়ে মাতৃৰ স্তনপান কৰাৰ পাছৰ পৰা পৃথিৱীত খাদ্যৰ সন্ধান পায়। ইয়াৰ জৰিয়তে আৰম্ভণি হয় এটি শিশুৰ দৈহিক আৰু মানসিক পৰিপুষ্টি। আৰম্ভণিতে কৰোঁৱা স্তনপানৰ যোগেদি শিশুটিৰ পাচন ক্রিয়াৰ পৰা দেহৰ উষ্ণতা পৰ্যন্ত নিয়ন্ত্রিত হৈ থাকে। আজিৰ আধুনিক সমাজ ব্যৱস্থাত বহু মাতৃয়েই সময়ৰ অভাৱৰ অজুহাতত অথবা নিজৰ কৰ্মব্যস্ততাৰ খাতিৰত নৱজাত শিশুটিক প্রথম স্তৰৰ পৰা শেষ স্তৰলৈ দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত অলপ হ’লেও অৱহেলা কৰা পৰিলক্ষিত হয়। যিটোৱে শিশু এটিৰ পুষ্টিসাধনত বিৰূপ প্রতিক্রিয়াৰ প্রভাৱ পেলায়।
বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে মাতৃদুগ্ধ পানে শিশুৰ দেহত এণ্টিব’ডিৰ সৃষ্টি কৰে, যিয়ে প্রতিটো বীজাণুৰ আক্রমণৰ পৰা শিশুটিক সুৰক্ষা দি থাকে। কাৰণ মাতৃদুগ্ধত প্রচুৰ পৰিমাণে উপলব্ধ হৈ থাকে প্র’টিন, কেলচিয়াম, আইৰণ, খাদ্যপ্রাণ আৰু লগতে যথেষ্ট পৌষ্টিক তত্ত্ব, যিবোৰে এটি শিশুৰ হাড়ৰ সক্ষমতা বৰ্তাই ৰাখে। আনহাতে প্র’টিন আৰু পৌষ্টিক তত্ত্বসমূহে বিভিন্ন ধৰণৰ জ্বৰ, নিউম’নিয়া, চৰ্দি আৰু এলাৰ্জিজাতীয় যিকোনো ৰোগৰ পৰা শিশুটিক সুৰক্ষিত কৰি ৰাখে। বৈজ্ঞানিকভাৱে হোৱা গৱেষণাতো এই কথা গ্রহণযোগ্যভাৱে প্ৰমাণ হৈছে যে মাতৃদুগ্ধই নৱজাত শিশু এটিৰ সৰ্বোত্তম পথ্য।