ন্যায়ালয়ৰ নিৰ্দেশ: কভিডত মৃত্যু হোৱা পৰিয়ালক দিব লাগিব ক্ষতিপূৰণ

0
2386
কভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালসমূহক বিত্তীয় সাহায্য দিয়াৰ ন্যূনতম মান নিৰ্ণয়ৰ বাবে নতুন নীতি-নিৰ্দেশ জাৰি কৰিবলৈ উচ্ছতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষ, চমুকৈ NDMA-ক নিৰ্দেশ দিয়ে৷ ন্যায়াধীশদ্বয় অশোক ভূষণ আৰু এম আৰ শ্বাহক লৈ গঠিত এখন বিশেষপীঠে কয় যে বিত্তীয় সাহায্যৰ এটা নিৰ্দিষ্ট পৰিমাণ ধাৰ্য কৰিবলৈ ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিব নোৱাৰে, কিন্তু কভিড-১৯ৰ কাৰণে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক এককালীন সাহায্য হিচাপে দিবলগীয়া ধনৰ পৰিমাণৰ এটা ন্যূনতম মান চৰকাৰে ধাৰ্য কৰিব পাৰে৷ পীঠখনে কয় যে দেশখনৰ হাতত থকা পুঁজি আৰু সম্পদৰ কথা মনত ৰাখি চৰকাৰে এটা যুক্তিযুক্ত বা গ্ৰহণযোগ্য পৰিমাণ ধাৰ্য কৰিব পাৰে৷ কভিড-১৯ত  মৃত্যু হোৱা লোকসকলৰ পৰিয়ালসমূহক ন্যূনতম বিত্তীয় সাহায্য দিবৰ বাবে সাহায্যৰ ন্যূনতম মানৰ বিষয়ে ছসপ্তাহৰ ভিতৰত নতুন নীতি-নিৰ্দেশ জাৰি কৰিবলৈ উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰ আৰু এন ডি এম এ-ক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত কভিড-১৯ত মৃত্যু হোৱাসকলৰ পৰিয়ালসমূহক 8 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক নিৰ্দেশ দিব লাগে বুলি আৰ কানছল আৰু গৌৰৱ কুমাৰ বানছাল নামৰ দুজন অধিবক্তাই দাখিল কৰা দুখন পৃথক আৱেদনৰ ভিত্তিত আজি উচ্ছতম ন্যায়ালয়ে এই ৰায় দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here