কি পৰিস্থিতিত হালধিযুক্ত গাখীৰ খাব নালাগে?

0
1379

উচ্ছ প্ৰ’টিনযুক্ত গাখীৰৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো৷ বিশেষকৈ হালধিযুক্ত গাখীৰে শৰীৰৰ বিভিন্ন সমস্যাত ঔষধ হিচাপে কাম কৰে৷ শৰীৰৰ ইমিউনিটি বৃদ্ধিৰ পৰা আৰম্ভ কৰি হাড় মজবুত কৰালৈকে হালধিযুক্ত গাখীৰ উত্তম৷ কিন্তু কথাতে কোৱা হয়– আতিশয্য সকলোতে বেয়া৷ কিছু বিশেষ পৰিস্থিতিত হালধিযুক্ত গাখীৰ সেৱন কৰা উচিত নহয়৷

[১] অত্যধিক হালধিযুক্ত গাখীৰ খালে পিত্তাশয়ৰ সমস্যা হ’ব পাৰে৷ যদি আপোনাৰ গল্ডব্লাডাৰৰ সমস্যা আছে ভুলতো হালধিযুক্ত গাখীৰ নাখাব৷
[২] বেছিকৈ হালধিযুক্ত গাখীৰ খালে এলাৰ্জিৰ সমস্যা হ’ব পাৰে৷
[৩] যদি আপোনাৰ ডায়েবেটিছ আছে, তেন্তে হালধিযুক্ত গাখীৰ নাখাব৷ হালধিত থকা কাৰ্কিউমিনে তেজৰ শৰ্কৰাক প্ৰভাৱিত কৰে৷

Golden milk: 10 benefits and how to make it
Turmeric might slow blood clotting.


[8] কিছু কিছু ক্ষেত্ৰত হালধিযুক্ত গাখীৰে ছালত শুষ্কতাৰ সৃষ্টি কৰে৷
[৫] ব্লিডিঙৰ সমস্যা থাকিলে হালধিযুক্ত গাখীৰ নোখোৱাই ভাল৷ কাৰণ হালধিয়ে তেজ গোট মৰাৰ গতি কমাই দিয়ে৷
[৬] কিছুমান মানুহৰ ক্ষেত্ৰত অত্যধিক হালধিযুক্ত গাখীৰ সেৱনে পেটৰ সমস্যাৰ সৃষ্টি কৰে৷


সেয়েহে অত্যধিক হালধিযুক্ত গাখীৰ নাখায়, এনেধৰণৰ সমস্যাৰ পৰা বাচি থাকোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here