ভীমকল : কিহৰ লগত খালে ওজন বৃদ্ধি হয়?

0
1213

ভীমকলৰ বিষয়ে আমি সকলোৱে জানো৷ দেখিবলৈ কিছু ডাঙৰ কলটোৰ ভিতৰত থাকে অসংখ্য গুটি৷ এষাৰ কথা আছে–

পুহত কল মাঘত জল
দেহত পাবা হাতীৰ বল।

পকা ভীমকল পুহ মাহত নিয়মিতভাৱে খালে গাত হেনো ভীমৰ সমান বল হয়৷ ভীমকলৰ অসীম পুষ্টিগুণৰ বাবে আজিকালি শিশুৰ বাবে ভীমকলৰ পৰা ভীমভীটা, ভীম পাউডাৰ আদি প্ৰস্তুত কৰি উলিওৱা হৈছে৷ গতিকে ভীমকলৰ আন কিছুমান উপকাৰিতাৰ বিষয়েও জানো আহক৷


[১] শীতকালত প্ৰতিদিনে এটাকৈ ভীমকল খালে শৰীৰৰ শ্ৰীবৃদ্ধি হয়৷

3 Tips To Achieve A Healthy Body And Mind For Everyone | Femina.in


[২] পকা ভীমকলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে৷ সেই কাৰণে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভীমকল উপকাৰী৷

High blood pressure awareness and control worsening in the U.S.


[৩] শৰীৰৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে পকা ভীমকলৰ মঙহালৰ লগত বুট খাব লাগে৷ এনেদৰে খোৱাৰ প্ৰায় ১০-১৫ মিনিটৰ পাছত পানী খালে দেহৰ ওজন বৃদ্ধি পায়৷

15 Best Weight Gain Food Supplements - I Fashion Styles


[৪] ভীমকলৰ পচলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়৷

Constipation Remedies To Free Your Bowel | Sydney Gut Clinic


[৫] ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীমকলৰ ডিল অতি উপকাৰী৷

10 Symptoms of Anemia You Shouldn't Ignore | Texas Medical Institute


[৬] টোপনি কম হ’লে পকা ভীমকলৰ গুটি আঁতৰাই এগিলাচ গাখীৰত মিহলাই খালে সুফল পোৱা যায়৷

Can't sleep? Understand the causes of insomnia and how you can finally get a good night's sleep. - Unique Mindcare
গতিকে পকা ভীমকল দৈনিক এটাকৈ সেৱন কৰি শৰীৰটোক সুস্থ-সবল কৰি ৰখাৰ লগতে ৰোগমুক্ত কৰি ৰাখিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here