ভাৰতত প্ৰস্তুত কৰা Biological E-ৰ কৰ’নাৰ ভেক্চিন ৯০% কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে৷ এজন উচ্ছপদস্থ চিকিৎসকে এখন চৰকাৰী কমিটীক এই কথা জনাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ কভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই কয় যে এই ভেক্চিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে আৰু অক্টোবৰত ভেক্চিন বজাৰলৈ অহাৰ সম্ভাৱনা আছে৷ তেওঁ জনোৱা মতে, বায়’লজিকেল-ইৰ ভেক্চিনক Corbevax নাম দিয়া হ’ব আৰু ই Novavax ৰ দৰে হ’ব৷ নোভাভেক্স কৰ’নাৰ বিভিন্ন ভেৰিয়েণ্টৰ ক্ষেত্ৰত ৯০% কাৰ্যকৰী বুলি তেওঁ প্ৰকাশ কৰে৷