নতুন এছ অ’ পি : ১৬ জুনৰ পৰা ২২ জুনলৈ বলৱৎ থাকিব নিষেধাজ্ঞা

0
1341
যোৱা ১৫ জুনত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই  ১৬ জুনৰ পুৱাৰ পৰা ২২ জুনলৈ  কাৰ্যকৰী হোৱাকৈ এই নতুন এছ অ’ পি ঘোষণা কৰে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই হাফলং আৱৰ্ত ভৱনত এখন সংবাদমেলযোগে ৰাজ্য চৰকাৰে নতুনকৈ জাৰি কৰা নীতি-নিৰ্দেশনা ঘোষণা কৰে৷ সেই অনুসৰি ৰাজ্যৰ ৫ খন জিলাত কভিড বিধি পালনত চৰকাৰ অধিক কঠোৰ হৈছে৷ আনহাতে ৮খন জিলাত পৰিস্থিতিৰ উন্নতি ঘটাত সান্ধ্য আইন শিথিল কৰা হৈছে৷ মহানগৰ গুৱাহাটীতো সামান্য শিথিল কৰা হৈছে৷ সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰু এসপ্তাহলৈ ৰাজ্যত আন্তঃজিলা যাতায়াত নিষিদ্ধ কৰা হৈছে৷ তদুপৰি ৰাজ্যৰ গ্ৰামাঞ্চলত ১০ শতাংশ আৰু চহৰাঞ্চলত ৫ শতাংশ সংক্ৰমণ হ’লেই কণ্টেইনমেণ্ট জ’ন দিয়াৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে৷ গুৱাহাটী মহানগৰীত ১৬ জুনৰ পৰা সান্ধ্য আইনৰ সময় আৰু এঘণ্টা হ্ৰাস কৰা হৈছে৷ ১৬ জুনৰ পৰা দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন হ’ব৷ সেয়ে দিনৰ ১ বজাত দোকান-পোহাৰ বন্ধ কৰিব লাগিব৷ আনহাতে ৰাজ্যৰ ৮খন জিলা ক্ৰমে দক্ষিণ শালমাৰা, মানকাচৰ, মাজুলী, চিৰাং, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, বঙাইগাঁও, ডিমা হাছাও আৰু চৰাইদেউ জিলাত কভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পোৱাৰ বাবে সান্ধ্য আইনৰ সময় যথেষ্ট হ্ৰাস কৰা হৈছে৷ এই জিলাকেইখনত ১৬ জুনৰ পৰা  সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় নিৰ্ধাৰণ কৰা হৈছে৷ এই ৮খন জিলাত দোকান-পোহাৰ বিয়লি ৪ বজাত বন্ধ কৰিব লাগিব৷ ইপিনে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত কভিড সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ ফলত অহা ২১ জুনপৰ্যন্ত স্বাস্থ্য বিভাগৰ চোকা নজৰত থাকিব এই ৫খন জিলা৷ এই জিলাকেইখনত কভিড বিধিত কোনো শিথিলতা দিয়া নাই৷  তাৰ পাছতো যদি কভিড সংক্ৰমণ হ্ৰাস নাপায়, তেনেহ’লে ২২ জুনৰ পাছত সম্পূৰ্ণ লকডাউনৰ দৰে কঠোৰ ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলিও মন্ত্ৰী মহন্তই প্ৰকাশ কৰে৷ আনহাতে বাকী জিলাকেইখনত পূৰ্বৰ দৰেই দুপৰীয়া ১ বজাৰ পৰা সান্ধ্য আইনৰ ব্যৱস্থা বাহাল থাকিব৷ এই সময়ছোৱাত চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয় দিনৰ ১২ বজালৈ খোলা থাকিব৷ ব্যক্তিগত আৰু ৰাজহুৱা বাহনৰ চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নীতি-নিয়মেই বাহাল থাকিব৷ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব যদিও শিক্ষানুষ্ঠানে অনলাইন পাঠদানত গুৰুত্ব দিব লাগিব৷ সাপ্তাহিক বজাৰ বন্ধ থাকিব৷  বিবাহত সৰ্বাধিক ১০জন লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে৷ ধৰ্মীয় অনুষ্ঠানসমূহ পূৰ্বৰ দৰেই নতুন নিৰ্দেশনা নহালৈকে বন্ধ থাকিব৷ ৰেস্তোৰাঁ, হোটেল আদিৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থা বাহাল থাকিব৷ ফাৰ্মাচী, চিকিৎসালয়ৰ ক্ষেত্ৰতো পূৰ্বৰ নীতি বাহাল থাকিব৷ আন্তঃজিলা যাতায়াত ২২ জুনৰ পুৱা ৫ বজালৈকে বন্ধ থাকিব৷ তাৰ পাছতহে পৰিস্থিতি পৰ্যালোচনা কৰি চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰীজনে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here