ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌত তাণ্ডৱৰ সৃষ্টি কৰা ডেল্টা ভেৰিয়েণ্টে ৰূপ সলনি কৰি ডেল্টা+ ৰূপ লৈছে৷ এই নতুন ৰূপে ত্ৰাসৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে৷ কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট ইমানেই বিপজ্জনক যে ই সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ লোৱা মনক্ল’নল এণ্টিবডী কক্টেইলৰ প্ৰভাৱো নোহোৱা কৰিব পাৰিব বুলি কোৱা হৈছে৷ বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েণ্ট AY.1 বা ডেল্টা+ অধিক বিপজ্জনক হ’ব পাৰে৷ ব্ৰিটেইনৰ পাব্লিক হেল্থ ইংলেণ্ডৰ মতে, ডেল্টা ভেৰিয়েণ্টৰ ৬৩ জিনম নতুন K417N-ৰ মিউটেশ্যনৰ সৈতে পোৱা গৈছে৷ ভাৰতত যোৱা ৭ জুনলৈকে এই নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ছজন ৰোগী চিনাক্ত কৰা হৈছে৷ ডেল্টা ভেৰিয়েণ্টৰ ওপৰত নিয়মীয়াকৈ পৰীক্ষা কৰি থকাৰ ফলত এই নতুন ভেৰিয়েণ্টৰ তথ্য লাভ কৰা হৈছে৷ এনেধৰণৰ ভেৰিয়েণ্ট ইউৰোপতো পোৱা গৈছে৷ দিল্লীৰ ইন্ষ্টিটিউট অব্ জিনমিক্স এণ্ড বায়’লজীৰ ক্লিনিকেল আৰু কম্পিউটেশ্যনেল বায়’লজিষ্ট বিনোদ সকাৰিয়াৰ মতে, K417N ভেৰিয়েণ্ট মনক্ল’নল এণ্টিবডি কক্টেইল বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আছে৷ উল্লেখ্য যে ভাৰতত কৰ’নাৰ চিকিৎসাত এই ঔষধ ব্যৱহাৰৰ অনুমতি দিয়া হৈছে৷