যিসকল লোকে যোৱা ৭ মে’ৰ পূৰ্বে কভেক্সিন ভেক্চিন লৈছিল, তেওঁলোকে ১২ জুন, ১৩ জুন আৰু ১৪ জুনত ভেক্চিন ল’ব পাৰিব বুলি প্ৰকাশ কৰিছে৷
ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কৰ’নাৰ সংক্ৰমণ৷ কিন্তু ইমানৰ পাছতো এতিয়াও আঁতৰা নাই বিভীষিকা৷ কিয়নো সংক্ৰমণৰ হাৰ হ্ৰাস পালেও কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাক লৈ উদ্বিগ্ন হৈ আছে সকলো পক্ষ৷ ইফালে ৰাজ্যত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে ভেক্চিন প্ৰদানৰ কাম ক্ষিপ্ৰ কৰাত গুৰুত্ব দিছে৷ শেহতীয়াকৈ কভেক্সিন নামৰ ভেক্চিনবিধ ৰাজ্যত নাটনি ঘটিছিল যদিও ৰাজ্য চৰকাৰে দুই, তিনি দিনৰ ভিতৰতে কভেক্সিনৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেই অনুসৰি আজি স্বাস্থ্য বিভাগে ১৮–৪৪ বছৰ বয়সৰ ভিতৰৰ যিসকল লোকে যোৱা ৭ মে’ৰ পূৰ্বে কভেক্সিন ভেক্চিন লৈছিল, তেওঁলোকে ১২ জুন, ১৩ জুন আৰু ১৪ জুনত ভেক্চিন ল’ব পাৰিব বুলি প্ৰকাশ কৰিছে৷ পূৰ্বতে প্ৰদান কৰা ভেক্চিন কেন্দ্ৰসমূহতে উক্ত ভেক্চিন প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিছে স্বাস্থ্য বিভাগে৷