ৰাজ্যসমূহক ভেক্‌চিন নষ্ট নকৰিবলৈ কেন্দ্ৰৰ আহ্বান

0
738
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এইবুলি সতৰ্ক কৰি দিয়ে যে ৰাজ্যসমূহে ভেক্‌চিন নষ্ট হোৱাৰ বিষয়টোত গুৰুত্ব দিব লাগিব, অন্যথা ভেক্‌চিনৰ যোগানত ই প্ৰভাৱ পেলাব৷ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক দিব লগা ভেক্‌চিনৰ দাম উৎপাদন কৰা কোম্পানীয়ে নিৰ্ধাৰণ কৰিব বুলিও কোৱা হৈছে৷ আনহাতে ৰাজ্যসমূহে কিমান পালি ভেক্‌চিন লাভ কৰিব, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ জনাই দিব৷ তাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহে জিলা আৰু টিকাকৰণ কেন্দ্ৰসমূহক আগতীয়াকৈ ভেক্‌চিন আবণ্টন কৰিব৷ জিলা আৰু টিকাকৰণ কেন্দ্ৰসমূহে এই তথ্য ৰাজহুৱা কৰিব লাগিব, যাতে জনসাধাৰণ সমস্যাৰ সন্মুখীন নহয়৷ আনহাতে দূৰণিবটীয়া অঞ্চল তথা সৰু নগৰসমূহত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ভেক্‌চিন যোগানত চৰকাৰে সহায় কৰিব৷ এনেধৰণৰ সৰু চিকিৎসালয়ত ভেক্‌চিনৰ চাহিদা কিমান সেইটো ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে ভেক্‌চিনৰ যোগান ধৰাত সহায় কৰিব৷ ইফালে নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে কেন্দ্ৰীয় চৰকাৰে ৭৪ কোটি পালি ভেক্‌চিনৰ আগতীয়াকৈ অৰ্ডাৰ দিছে৷ তেওঁ কয় যে কভিশ্বিল্ডৰ ২৫ কোটি পালি আৰু কভেক্সিনৰ ১৯ কোটি পালি ভেক্‌চিনৰ অৰ্ডাৰ দিয়া হৈছে৷ ইয়াৰ বাবে ৩০% ধন আগতীয়াকৈ দিয়া বুলিও তেওঁ প্ৰকাশ কৰে৷ ইয়াৰ উপৰি ই-বায়’লজিকেলৰ ভেক্‌চিন ছেপ্টেম্বৰত বজাৰলৈ অহাৰ সম্ভাৱনা আছে৷ এই ভেক্‌চিনৰ ৩০ কোটি পালিৰ অৰ্ডাৰ দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here