ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা

0
1632
যোৱা ১ জুনত হোজাইৰ উদালি-কাণ্ডৰ ঘটনাৰ মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হ’ল এইখন ৰাজ্যত৷ এইবাৰ চিকিৎসক নিগ্ৰহৰ ঘটনা সংঘটিত হয় দৰং জিলাৰ খাৰুপেটীয়াত৷ দৰঙৰ খাৰুপেটীয়াত চিকিৎসক-দম্পতীক আক্ৰমণকাৰী খাৰুপেটীয়াৰ ৱাহাব নগৰৰ ৰাহুল আমিন নামৰ অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ দুদিন পূৰ্বে ৰাহুলে নিজৰ ভনীয়েকৰ সৈতে নিমতলীৰ আফ্ৰীন হেল্‌থ কেয়াৰলৈ চিকিৎসাৰ বাবে গৈ চিকিৎসক আহমেদ আলী আৰু পত্নীক নানা গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল৷ ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে ৰাহুল আমিনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here