বিশ্ব অভিলেখ: এবাৰতে ১০টি শিশু জন্ম

0
1030
দক্ষিণ আফ্ৰিকাত এগৰাকী মহিলাই এবাৰতে ১০ টি শিশু জন্ম দি বিশ্ব অভিলেখ সৃষ্টি কৰিছে৷ মহিলাগৰাকীয়ে এবাৰতে জন্ম দিয়ে ১০টি শিশু৷ ইয়াৰে ৭টা পুত্ৰ সন্তান আৰু ৩টি কন্যা সন্তান৷ এনেদৰে একেলগে ১০টি শিশু জন্ম দিয়া মহিলাগৰাকীৰ নাম গছিয়ামে থামাৰা ছিথল৷ এতিয়া ইয়াক লৈ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ আনকি চিকিৎসকসকলৰ মাজতো সৃষ্টি হৈছে আলোড়নৰ৷ উল্লেখ্য যে ৬ বছৰৰ আগতে যমজ সন্তান জন্ম দিছিল ছিথলে৷ প্ৰিট’ৰিয়াৰ এখন হাস্পতালত ছিজাৰিয়ান পদ্ধতিৰে ছিথলে এই ১০টি সন্তান প্ৰসৱ কৰে৷ আনহাতে চিকিৎসালয়খনত এনেদৰে শিশুকেইটাৰ জন্ম হোৱাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্যকৰ্মীৰ মাজত তীব্ৰ কৌতূহলৰ সৃষ্টি হয়৷ উল্লেখ্য যে সাত মাহ সাত দিনৰ গৰ্ভৱতী অৱস্থাতেই ছিথলৰ ছিজাৰিয়ান পদ্ধতি গ্ৰহণ কৰি সন্তানকেইটা প্ৰসৱ কৰায়৷ বৰ্তমান আটাইকেইটি শিশু সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here