ভিটামিন-চি: ক’ভিড-১৯ নিৰাময়ৰ মূল উপাদান

0
1223
Sources of Vitamin C Other Than Oranges
কৰ’না হৈছে এনেকুৱা এবিধ ভাইৰাছ, যি দ্ৰুত সংক্ৰমণ হোৱাৰ লগতে যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতিকে দুৰ্বল, তেওঁলোকক সহজে আক্ৰমণ কৰে৷ গতিকে কৰ’নাৰ লগত মোকাবিলা কৰাৰ একমাত্ৰ উপায় হৈছে আপোনাৰ শৰীৰৰ ইমিউনিটি ধৰি ৰখাটো৷ Citrus fruits, অৰ্থাৎ ভিটামিন-চি যুক্ত ফল-মূলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে৷ এই ভিটামিন-চিয়ে শৰীৰৰ শ্বেতৰক্ত কণিকাৰ কোষ উৎপন্ন কৰাত ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াক উৎসাহিত কৰে৷ বিভিন্ন ধৰণৰ ইন্‌ফেকশ্যনৰ বিৰুদ্ধে যুঁজ কৰিবলৈ এই শ্বেত ৰক্তকণিকাৰ (White blood cells) কোষসমূহ প্ৰয়োজনীয়৷ গতিকে এই কৰ’না মহামাৰীৰ কালছোৱাত নিজকে সুৰক্ষিত কৰিবলৈ হ’লে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’বই লাগিব আৰু এই ক্ষেত্ৰত ভিটামিন-চিযুক্ত ফল-মূল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজন৷ সাধাৰণতে সকলো ধৰণৰ টেঙা ফলতেই ভিটামিন-চি পোৱা যায়৷ তাৰ ভিতৰত নেমু, কমলা, মৌচুম্বী, আমলখি, আম, কিৱি, আনৰস ইত্যাদি৷ এনেধৰণৰ ফল-মূলসমূহ ভিটামিন-চিযুক্ত হোৱাৰ লগতে ইয়াত প্ৰাকৃতিকভাৱে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ এই এণ্টিঅক্সিডেণ্টসমূহে বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰি তোলে৷ ইয়াৰ বাবে আপুনি দৈনিক এচকলা নেমু বা গৰমপানীৰ লগত নেমুৰ ৰস মিহলাই খাব পাৰে৷ নাইবা বিন, গাজৰ, পালেংশাক আদি ভিটামিনযুক্ত খাদ্য কেঁচাই খোৱাটো অতি লাভদায়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here