বজাৰত উপলব্ধ যিকোনো খাদ্য খোৱাৰ পূৰ্বে এবাৰ ভাবক আৰু সাৱধান হওক৷ অন্যথা ই আপোনাৰ স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক৷ কিয়নো শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য মতে বজাৰত উপলব্ধ নেষ্টলে কোম্পানীয়ে প্ৰস্তুত কৰা অধিকাংশ খাদ্য সামগ্ৰীয়েই অস্বাস্থ্যকৰ৷ আচৰিত নহ’ব– এক ইণ্টাৰনেল ডকুমেণ্টত এই কথা স্বীকাৰ কৰিছে কোম্পানীটোৱে৷ তথ্য মতে নেষ্টলে কোম্পানীয়ে প্ৰস্তুত কৰা ৬০ শতাংশতকৈও অধিক খাদ্য সামগ্ৰীয়েই অস্বাস্থ্যকৰ৷ কোম্পানীটোৱে ৬০ শতাংশ খাদ্য সামগ্ৰীতেই স্বাস্থ্যসন্মত বিধি পালন কৰিব পৰা নাই৷ কিন্তু খাদ্য সামগ্ৰীৰ মান উন্নত কৰিবলৈ কোম্পানীটোৱে চেষ্টা অব্যাহত ৰাখিছে৷ প্ৰতিবছৰে কোম্পানীবোৰে নিজৰ আভ্যন্তৰীণ প্ৰতিবেদন প্ৰকাশ কৰে৷ শেহতীয়াকৈ নেষ্টলে কোম্পানীৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছত তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছে কোম্পানীটোৱে৷ ‘ফাইনেন্সিয়েল টাইম’ৰ হাতত পৰা তথ্য অনুসৰি নেষ্টলেৰ ৬০ শতাংশ খাদ্য সামগ্ৰীয়েই খাদ্যসন্মত নহয়৷ আনহাতে নেষ্টলে কোম্পানীয়ে প্ৰস্তুত কৰা পানী আৰু গাখীৰহে স্বাস্থ্যকৰ বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ ইয়াৰ লগতে এই কোম্পানীয়ে প্ৰস্তুত কৰা প্ৰায়ভাগ সামগ্ৰীতে ছডিয়াম আৰু চেনিৰ পৰিমাণ অত্যধিক বুলিও প্ৰকাশ হৈছে৷ উল্লেখ্য যে নেষ্টলে কোম্পানীয়ে মেগী, কিটকেট, নেচকেফে আদি প্ৰস্তুত কৰি আহিছে৷ সমগ্ৰ বিশ্বতে লাখ লাখ গ্ৰাহক থকা নেষ্টলে কোম্পানীৰ এনে প্ৰতিবেদনত গ্ৰাহকৰ মাজত কিধৰণৰ প্ৰভাৱ পৰে, সেয়া সময়তহে গম পোৱা যাব৷