আজি বিশ্ব পৰিৱেশ দিৱস: ইয়াৰ উদ্দেশ্য আৰু প্ৰাসংগিকতা ৷ এই সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই

0
2154

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মায়ো গুৱাহাটীৰ গান্ধীমণ্ডপত ১১টা ৰুদ্ৰাক্ষৰ গছপুলি ৰোপণ কৰে৷ চৰকাৰে বি টি আৰৰ ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা উল্লেখ কৰে৷

আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day)৷ সমগ্ৰ বিশ্বত ৫ জুন তাৰিখৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়৷ ১৯৭৪ চনৰে পৰা এই দিৱস পালন কৰি অহা হৈছে৷ ইয়াৰ মূল উদ্দেশ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সদা সচেতন হয়৷ কিয়নো প্ৰকৃতি আৰু পৰিৱেশৰ লগত জীৱজগতৰ ওতপ্ৰোত সম্বন্ধ আছে৷ গতিকে পৰিৱেশ বিনষ্ট হোৱা মানে মানুহৰ লগতে জীৱজগতৰ সকলো জীৱকুলৰে অনিষ্ট সাধন হোৱা৷ সেয়েহে পৰিৱেশৰ প্ৰতি বিশ্ববাসীক সজাগ কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিনটোক ৰাষ্ট্ৰসংঘত উল্লেখনীয় দিন হিচাপে বিবেচনা কৰা হৈছে৷ উল্লেখ্য যে এই দিনটোতে ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল৷ তেতিয়াৰে পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে৷ এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে–  পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ৷ 

কভিডৰ এই কালৰূপৰ মাজতো বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মায়ো গুৱাহাটীৰ গান্ধীমণ্ডপত ১১টা ৰুদ্ৰাক্ষৰ গছপুলি ৰোপণ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কভিড পৰিস্থিতিৰ লগত সংগতি ৰাখি কয় যে এই অতিমাৰীয়ে আমাক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকাইছে, কিয়নো গছ থাকিলেহে মানুহ থাকিব৷ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ শুভ দিনটোত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক ৫ জুন, ২০২১ৰ পৰা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন হিচাপে নতুনকৈ নামকৰণ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ লগতে চৰকাৰে বি টি আৰৰ ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা উল্লেখ কৰে৷

আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গুৱাহাটীৰ বাসগৃহত এটি গছপুলি ৰোপণ কৰে আৰু এখন সেউজ অসম গঢ়ৰ যাত্ৰাত নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সকলো নাগৰিকক আহ্বান জনায়। একেদৰে এই দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসম আৰু ৰাজস্থানে যুটীয়াভাৱে এখন ৱেবিনাৰৰ আয়োজন কৰিছে৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ কৃষি খণ্ডই নিকা শক্তিৰ অনেক উপকাৰ লাভ কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সুস্থ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে ইথানল সম্প্ৰতি অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। চৰকাৰে ইথানলৰ উৎপাদন আৰু কৃষিকৰ্মত ইয়াৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰিছে। জলবায়ু পৰিবৰ্তন প্ৰদৰ্শন সূচাংকত বিশ্বৰ ১০ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ নাম অন্তৰ্ভুক্ত হৈছে বুলিও তেওঁ কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here