প্ৰধানমন্ত্ৰীৰ আশ্বাস: কৰ’নাৰ দ্বিতীয় ঢৌতো ভাৰতৰ জয় হ’ব

0
1109

দেশে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰথমটো ঢৌৰ বিৰুদ্ধে সম্পূৰ্ণ উদ্যমেৰে যুঁজ দিছিল আৰু এতিয়া দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দি আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৩০ মে’ত তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান ‘মন কি বাত’ত এনেদৰে কয়৷ মোদীয়ে মাস্ক পৰিধান কৰা, উপযুক্ত দূৰত্ব বজাই ৰখা আৰু টিকাকৰণ কৰ’নাৰ পৰা হাত সাৰি থকাৰ সঠিক উপায় বুলি উল্লেখ কৰে আৰু এইবুলি আস্থা প্ৰকাশ কৰে যে ভাৰতে দ্বিতীয়টো ঢৌৰ বিৰুদ্ধেও জয়লাভ কৰিব৷ মোদীয়ে লগতে কয় যে ভাৰতে কৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে শেহতীয়াকৈ কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰো সন্মুখীন হ’ব লগা হৈছে৷ ভাৰতে সমূহীয়া শক্তিৰে ইয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বুলি তেওঁ কয়৷ আনহাতে প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা দহটা দিনত দুটা প্ৰচণ্ড বা-মাৰলী ক্ৰমে পশ্চিম উপকূলত আৰু পূব উপকূলত কেইবাখনো ৰাজ্যক প্ৰভাৱিত কৰে৷ ইয়াৰ বিৰুদ্ধে দেশৰ জনতাই সম্পূৰ্ণ শক্তিৰে যুঁজ দি ক্ষয়-ক্ষতি কম হোৱাটো সুনিশ্চিত কৰে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সময়ত বিভিন্ন ৰাজ্যত অক্সিজেনৰ নাটনি হোৱাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নাটনি দূৰ কৰিবলৈ লোৱা পদক্ষেপসমূহৰ বিষয়ে কয়৷ ইয়াৰ ফলত দেশত স্বাভাৱিক অৱস্থাতকৈ দহ গুণ অধিক অক্সিজেন উৎপাদন কৰা হৈছে বুলি তেওঁ জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে দেশত প্ৰতিদিনে ৯০০ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰা হৈছিল৷ এতিয়া দেশত প্ৰতিদিনে ৯৫০০ টন অক্সিজেন উৎপাদন কৰা হৈছে৷ দেশত এতিয়া কৰ’নাৰ সংক্ৰমণৰ পৰীক্ষা কৰা গৱেষণাগাৰৰ সংখ্যা ২৫০০১ অধিক হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া এদিনত ২০ লাখতকৈ অধিক কৰ’নাৰ পৰীক্ষা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here