ৰাজ্যত কৰ’নাৰ সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছে৷ চৰকাৰে কঠোৰ কভিড বিধি জাৰি কৰাৰ পাছত লাহে লাহে সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে৷ আনহাতে এতিয়াও ৰাজ্যত মৃত্যুৰ হাৰ প্ৰায় অপৰিৱৰ্তিত আছে৷ লক্ষণীয় যে ৰাজ্যত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ প্ৰায় ৫৫ হাজাৰ লোক চিকিৎসাধীন হৈ আছে৷ কিন্তু যোৱা ৫ দিন ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫-৬ হাজাৰৰ ঘৰত আছে৷ আনহাতে যোৱা ৩ দিন ধৰি ৰাজ্যত সংক্ৰমণৰ হাৰ ৫ শতাংশৰ তলতে আবদ্ধ আছে৷ ইফালে জি এম চি এইচৰ মুখ্য অধীক্ষক তথা অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই সদৰী কৰে যে কামৰূপ মহানগৰ জিলাত সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত এক তৃতীয়াংশলৈ হ্ৰাস পাইছে৷ যোৱা ৩ মে’ত জিলাখনত সৰ্বাধিক ১৬৪৫জন লোক আক্ৰান্ত হৈছিল৷ কিন্তু যোৱা ২০ মে’ৰ পৰা জিলাখনত দৈনিক আক্ৰান্তৰ সংখ্যা ১০০০জনৰ তললৈ আহে৷ ইফালে সংক্ৰমণ হ্ৰাস পালেও সজাগতাৰ অভাৱৰ বাবে ৰাজ্যত মৃত্যুৰ হাৰৰ পৰিৱৰ্তন ঘটা নাই বুলি ডাঃ বৈশ্যই সদৰী কৰে৷ ডাঃ বৈশ্যই কয় যে এইপৰ্যন্ত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫০ শতাংশ লোকেই সময়মতে চিকিৎসা লাভ নকৰাৰ বাবে মৃত্যুমুখত পৰিছে৷ চিকিৎসাধীন হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মৃত্যু হৈছিল৷ চিকিৎসাধীন কৰাৰ সময়ত তেওঁলোকৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবেই এনে হয় আৰু এয়া সজাগতাৰ অভাৱৰ বাবে হোৱা বুলি উল্লেখ কৰে৷ আনহাতে কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত পৰিস্থিতি উন্নত নহ’লে সান্ধ্য আইন বৃদ্ধি কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে যোৱা ৩০ মে’ত ৰাজ্যত মুঠ ৫৬১৩জন লোক আক্ৰান্ত হৈছিল৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩২৪৫জন লোক আক্ৰান্ত হয়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ আছিল ৪.৫৩ শতাংশ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৫৫জন লোকৰ মৃত্যু হয়৷ কামৰূপ মহানগৰ জিলাত যোৱা ২৪ ঘণ্টাত মুঠ ৪২২জন লোক নতুনকৈ আক্ৰান্ত হয়৷