দিল্লীত ঘৰে ঘৰে অক্সিজেন চিলিণ্ডাৰ যোগান আৰম্ভ

0
958

কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকসকলক এটা ডাঙৰ সকাহ দি দিল্লী চৰকাৰে মেডিকেল অক্সিজেনৰ হ’ম ডেলিভাৰী আৰম্ভ কৰিছে৷ আঁচনি মতে, দিল্লী চৰকাৰে হ’ম আইছ’লেশ্যনত থকা কভিড-১৯ ৰোগীসকলৰ ঘৰত মেডিকেল অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিব৷

কৰ’না পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ অক্সিজেনৰ তীব্ৰ নাটনি হোৱা ৰাজধানী দিল্লীত প্ৰথমবাৰৰ বাবে কেন্দ্ৰই বুজন পৰিমাণৰ ৭০০ টন অক্সিজেনৰ যোগান ধৰে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে৷ ইফালে হ’ম আইছ’লেশ্যনত থকা কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকসকলক এটা ডাঙৰ সকাহ দি দিল্লী চৰকাৰে মেডিকেল অক্সিজেনৰ হ’ম ডেলিভাৰী আৰম্ভ কৰিছে৷ আঁচনি মতে, দিল্লী চৰকাৰে হ’ম আইছ’লেশ্যনত থকা কভিড-১৯ ৰোগীসকলৰ ঘৰত মেডিকেল অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিব৷ কভিডৰ সংক্ৰমণ দ্ৰুত বৃদ্ধি পোৱাৰ কাৰণে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ চিকিৎসালয়সমূহত বিছনাৰ তীব্ৰ নাটনি হোৱাত এই সিদ্ধান্ত লোৱা হৈছে৷ চিকিৎসালয়সমূহত বিছনা নোপোৱা আৰু ঘৰতে চিকিৎসা লৈ থকা কভিড ৰোগীসকলক এই ব্যৱস্থাই যথেষ্ট সকাহ দিব৷ এই সুবিধা পাবৰ বাবে ৰোগীসকলে ফটোযুক্ত এখন পৰিচয়-পত্ৰ, আধাৰকাৰ্ড আৰু কভিড-১৯ৰ ৰিপ’ৰ্ট দেখুৱাব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here