তিনি কুইণ্টল ওজনৰ মৃত শিহু উদ্ধাৰ

0
1435

ফেৰী অথবা অন্য কোনো গধুৰ বস্তুত খুন্দা খাই শিহুটো কেইবাদিনৰো আগতে আঘাত পাইছিল৷ সেই আঘাতৰ ফলতে শিহুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে পশু চিকিৎসকে৷

গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ সমীপত যোৱা ৯ এপ্ৰিলত এটা বৃহদাকাৰ শিহু উদ্ধাৰ হয়৷ জানিব পৰা মতে, শৰাইঘাট দলঙৰ পশ্চিম দিশত পাণ্ডু-শদিয়াপুৰ ঘাটত ৯ এপ্ৰিলৰ পুৱা বন বিভাগৰ এটা দলে মৃত অৱস্থাত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা প্ৰকাণ্ড শিহু উদ্ধাৰ কৰে৷ পুৱা প্ৰায় ১০ বজাত পাণ্ডু-শদিলাপুৰ ঘাটত ব্ৰহ্মপুত্ৰত মৃত অৱস্থাত এটা শিহু ওপঙি থকা দেখা পাই পাণ্ডুঘাট আৰক্ষী চকীৰ লোকে গুৱাহাটীৰ আঞ্চলিক বন বিভাগক অৱগত কৰে৷ ইয়াৰ পাছত খনামুখ খণ্ড বন বিষয়াৰ নেতৃত্ব বন বিভাগৰ লোকে তিনি কুইণ্টল ওজনৰ মৃত শিহুটো উদ্ধাৰ কৰি লংকেশ্বৰস্থিত বন বিষয়া কাৰ্যালয়লৈ নিয়ে৷ তাত পশু চিকিৎসকে শিহুটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত শিহুটো সমাধিস্থ কৰা হয়৷ পশু চিকিৎসকে সন্দেহ কৰা মতে, তল পেট আৰু দেহৰ দুই-এঠাইত আঘাতৰ চিন থকালৈ চাই ফেৰী অথবা অন্য কোনো গধুৰ বস্তুত খুন্দা খাই শিহুটো কেইবাদিনৰো আগতে আঘাত পাইছিল৷ সেই আঘাতৰ ফলতে শিহুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে পশু চিকিৎসকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here