আপুনি জানেনে? মানুহে এবাৰত এটা নাকেৰেহে উশাহ লয়

0
1040

প্ৰত্যেক ঘণ্টাৰ মূৰত আপোনাৰ সক্ৰিয় নাসাৰন্ধ্ৰই জিৰণি লয় আৰু আনটো নাসাৰন্ধ্ৰই সক্ৰিয় নাসাৰন্ধ্ৰৰ ঠাই লৈ উশাহ-নিশাহ প্ৰক্ৰিয়া সম্পন্ন কৰে৷

উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াটো প্ৰত্যেক জীৱৰে এক এৰাব নোৱাৰা কাৰ্য৷ কাৰণ আমাৰ যদি উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়া বন্ধ হৈ যায়, তেন্তে আমাৰ মৃত্যু অনিবাৰ্য৷ আমি সকলোৱে জানো যে জীৱই উশাহত অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে আৰু এই জটিল প্ৰক্ৰিয়াটো সম্ভৱ হ’ব পাৰিছে আমাৰ নাকৰ বাবেহে৷ আপুনি হয়তো ভাবিব পাৰে যে এই জটিল প্ৰক্ৰিয়া সম্পন্ন কৰোতে আপোনাৰ নাকৰ দুই নাসাৰন্ধ্ৰই একেলগে সমাধা কৰে৷ কিন্তু দৰাচলতে আপুনি জানি আচৰিত হ’ব যে আপোনাৰ নাকে এবাৰত এটা নাসাৰন্ধ্ৰেৰেহে উশাহ-নিশাহ গ্ৰহণ কৰে৷ এয়া অৱশ্যে আমাৰ ভাষ্য নহয়৷ ১৯৭৭ চনত Mayo Clinic Proceedings নামৰ জাৰ্নেলখনৰ দ্বাৰা কৰা এক গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ প্ৰত্যেক ঘণ্টাৰ মূৰত আপোনাৰ সক্ৰিয় নাসাৰন্ধ্ৰই জিৰণি লয় আৰু আনটো নাসাৰন্ধ্ৰই সক্ৰিয় নাসাৰন্ধ্ৰৰ ঠাই লৈ উশাহ-নিশাহ প্ৰক্ৰিয়া সম্পন্ন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here