আপোনাৰ শিশুটি মানসিক চাপত ভুগিছে নেকি?

0
1456
আপোনাৰ শিশুৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও গুৰুত্বপূৰ্ণ৷ দৈনিক তেওঁলোকে নিজৰ জীৱনটোৰ লগতে স্ত্ৰেচ আদিৰ সৈতে কেনেদৰে মোকাবিলা কৰিছে এই গোটেই সমূহে তেওঁলোকৰ মানসিক স্বাস্থ্যত যথেষ্টখিনি প্ৰভাৱ পেলায়৷ গৱেষণা অনুসৰি প্ৰত্যেক পাঁচগৰাকী শিশুৰ ভিতৰত এগৰাকীয়ে মানসিক অসুস্থতাত ভোগে৷ যদিও সকলো মানসিক চাপক বাধা দিব নোৱাৰি, তথাপিও আপুনি তেওঁলোকৰ প্ৰয়োজনত সংগ দি যিমানদূৰ সম্ভৱ তেওঁলোকক মানসিক চাপমুক্ত কৰি ৰাখিব পাৰে৷

(১) অধিকাংশ মানসিক সমস্যা হেল্‌থি লাইফষ্টাইল নোহোৱাৰ ফলত হয়৷ সুষম আহাৰ, ভাল টোপনি আৰু দৈনিক শৰীৰচৰ্চাই মন-মগজু শান্ত কৰি ৰখাৰ লগতে মানসিকভাৱেও সুস্থ কৰি ৰাখে৷ গতিকে আপোনাৰ শিশুটিক এনেবোৰ সু-অভ্যাসৰ লগত জড়িত কৰাওক৷


(২) লক্ষ্য কৰক যে আপোনাৰ শিশুৰ আচৰণ, ব্যৱহাৰৰ কিবা পৰিৱৰ্তন হৈছে নেকি? যদি তেনেকুৱা হৈছে তেন্তে আপুনি বুজা উচিত যে তেওঁলোকৰ লগত কিবা অনুচিত হৈছে৷ গতিকে তেওঁলোকক গালি নিদি ভালকৈ সহায়ৰ হাত আগবঢ়াওক৷


(৩) আপোনাৰ শিশুটিৰ বিশ্বাস জয় কৰিবলৈ তেওঁলোকৰ কথা মন দি শুনক৷ তেওঁলোকৰ কঠিন সময়ত আপুনি তেওঁলোকক বিশ্বাস দিয়ক যে আপুনি আপোনাৰ শিশুটিক কিমান ভাল পায়৷ আৰু তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিবলৈ আপুনি যেন সকলো সময়তে আছে৷


(৪) যিহেতু স্ত্ৰেচ আমাৰ জীৱনৰ সাধাৰণ অংশ৷ ইয়াৰ পৰা কোনেও সাৰি যাব নোৱাৰে৷ গতিকে আপুনি আপোনাৰ শিশুটিক ভৱিষ্যতৰ সফলতাৰ বাবে স্ত্ৰেচৰ সৈতে কেনেদৰে মুখামুখি হ’ব লাগে শিকাওক৷


(৫) যিহেতু আপোনাৰ শিশুটিয়ে সকলো বস্তু আপোনাক চাই শিকে৷ গতিকে আপুনি প্ৰথমে নিজৰ মানসিক স্বাস্থ্যৰ যতন লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here