সাৱধান! আপুনি ৰাস্তাত বিক্ৰী কৰা ম’ম’ খায় নেকি?

0
1540

ম’ম’ সকলোৰে পচন্দৰ এবিধ ষ্ট্ৰীট ফুড৷ ইয়াক দেখিলে কি ইয়াৰ নাম শুনিলেই সকলোৰে মুখত জিভাৰ পানী পৰে৷ যদিও ই একপ্ৰকাৰৰ চাইনীজ খাদ্য, কিন্তু ভাৰতত ষ্ট্ৰীট ফুড হিচাপে ইয়াৰ জনপ্ৰিয়তা বেছি৷ ম’ম’ বনাবলৈ কোমলকৈ আটা মাৰি তাৰ ভিতৰত পাচলি ভৰাই দিয়া হয় আৰু ইয়াক মছলাযুক্ত চাটনিৰ সৈতে পৰিৱেশন কৰা হয়৷ জ্বলা চাটনিৰ সৈতে ম’ম’ৰ সোৱাদ সকলো মানুহৰে পচন্দ৷

কিন্তু আপুনি জানেনে ই আমাৰ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক৷ 

(১) যদি আপুনি ঘৰত ম’ম’ বনায়, তেন্তে নিশ্চয় আপুনি ময়দা ব্যৱহাৰ কৰে৷ কিন্তু বজাৰত বিক্ৰী কৰা ম’ম’সমূহ ৰিফাইন আটাৰে তৈয়াৰ কৰা হয়, য’ত এজডিকাৰ্বনামাইড, ক্লৰিন গেছ, বেঞ্জইল পেৰক্সাইড আৰু অন্য ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে৷ এই গোটেইবোৰ কেমিকেলৰ সহায়ত ম’ম’ৰ সোৱাদ বাঢ়ে ঠিকেই, কিন্তু ই আমাৰ পাচন প্ৰক্ৰিয়াকো আঘাত হানে৷ অকল এয়াই নহয়, অত্যধিক ইয়াৰ সেৱন কৰিলে ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি হ’ব পাৰে৷


(২) ম’ম’ত ব্যৱহাৰ কৰা পাচলি ভালকৈ নিসিজাৰ লগতে ইয়াক ভালকৈ চাফাও কৰা নহয়৷ কেতিয়াবা ম’ম’ৰ ভিতৰত শুকাই যোৱা পাচলি ব্যৱহাৰ কৰা হয়, য’ত কলাই নামৰ এবিধ বেক্টেৰিয়া আপোনাৰ পেটলৈ গৈ সংক্ৰমিত কৰিব পাৰে৷


(৩) ইয়াৰ উপৰি ম’ম’ৰ লগত পৰিৱেশন কৰা চাটনিত প্ৰয়োজনতকৈ অধিক জ্বলা মছলা ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত আপোনাৰ গুহ্যদ্বাৰ জ্বলা-পোৰা কৰা সমস্যাও দেখা দিব পাৰে৷


(৪) ম’ম’ৰ সেৱনে আপোনাৰ ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ ইয়াত মন’ছডিয়াম গ্লুটামেট থাকে৷ যিয়ে ওজন বৃদ্ধিৰ লগতে অন্য স্বাস্থ্য সমস্যা, বুকু জ্বলা-পোৰা আদি কৰিব পাৰে৷


(৫) ম’ম’ত বন্ধাকবি ব্যৱহাৰ কৰা হয়৷ যদি বন্ধাকবি ভালকৈ সিজি নাযায়, তেন্তে তাত উপস্থিত Tapeworm পৰজীৱীয়ে আপোনাৰ মস্তিষ্কত প্ৰৱেশ কৰিব পাৰে৷ এই tapewormৰ তাতে বংশবৃদ্ধি হয় আৰু ই আপোনাৰ মগজুৰ বিকাশত বাধা প্ৰদান কৰিব পাৰে৷ গতিকে আপুনি যদি ৰাস্তাৰ কাষত বিক্ৰী কৰা ম’ম’ দৈনিক খায়, তেন্তে আজিয়েই ইয়াৰ পৰিমাণ কমাই দিয়ক৷ অন্যথা ই আপোনাৰ জীৱনৰ ঘাতকৰূপে বিবেচিত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here