১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ ঊধবৰ্ৰ সকলোৰে টিকাকৰণ

0
1559

১ এপ্ৰিলৰ পৰা দেশত ৪৫ বছৰৰ ঊধবৰ্ৰ সকলো লোকে কৰ’না ভাইৰাছৰ ভেক্‌চিন ল’ব পাৰিব৷ কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত লয়৷ কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে দেশত পৰ্যাপ্ত পৰিমাণে ভেক্‌চিন মজুত আছে৷ উল্লেখ্য যে ইয়াৰ আগলৈকে ৬০ বছৰৰ ঊধবৰ্ৰ ব্যক্তিসকলৰ লগতে গুৰুতৰ ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ঊধবৰ্ৰ ব্যক্তিসকলক ভেক্‌চিন দিয়া হৈছিল৷ ভেক্‌চিন ল’বৰ বাবে ৪৫ বছৰৰ ঊধবৰ্ৰ ব্যক্তিসকলক ক’উইন এপত নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে৷ জাভড়েকাৰে এখন সংবাদমেলত কয় যে ১ এপ্ৰিলৰ পৰা জটিল ৰোগত আক্ৰান্ত নোহোৱা লোকেও কৰ’নাৰ ভেকচিন ল’ব পাৰিব৷ ভেক্‌চিন লোৱাৰ যোগ্য লোকসকলক ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিবলৈও তেওঁ আহ্বান জনায়৷ আনহাতে কৰ’না ভাইৰাছৰ ভেক্‌চিনৰ দ্বিতীয়টো ড’জ চিকিৎসকৰ পৰামৰ্শ ক্ৰমে ৪-৮ সপ্তাহৰ ভিতৰত ল’ব পাৰিব বুলিও কেবিনেটে সিদ্ধান্ত লোৱা বুলি জাভড়েকাৰে প্ৰকাশ কৰে৷ উল্লেখ্য যে ইয়াৰ আগতে দ্বিতীয়টো ড’জ ৪-৬ সপ্তাহৰ ভিতৰত লোৱাৰ অনুমতি দিয়া হৈছিল, কিন্তু বিজ্ঞানীসকলে এই বুলি কয় যে দ্বিতীয়টো ড’জ ৪-৮ সপ্তাহৰ ভিতৰত ল’লে উন্নত ফল পোৱা যায়৷ মন্ত্ৰীজনৰ মতে, কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত দেশত চলি থকা টিকাকৰণ অভিযানৰ বিষয়েও আলোচনা কৰা হয়৷ জাভড়েকাৰে কয় যে দেশত এইপৰ্যন্ত ৪.৮৫ কোটি লোকৰ টিকাকৰণ কৰা হৈছে৷ উল্লেখ্য যে দেশত যোৱা ১৬ জানুৱাৰীৰ পৰা কৰ’নাৰ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here