গৰমৰ দিনত আপোনাৰ ছালখন তেলেতীয়া হয় নেকি? কি লগাব?

0
1799

গৰম দিন আহিলেই তেলেতীয়া ছালৰ গৰাকীসকলৰ চিন্তা বাঢ়ি যায়৷ কাৰণ তেওঁলোকে গৰমৰ দিনকেইটাত যিমানে ছালৰ যত্ন নলওক কিয়, তেওঁলোকৰ ছালত পিম্পল্‌ছ ওলাবই৷ তেওঁলোকৰ সমস্যা হৈছে তেওঁলোকে যদি মুখত একো নলগায়, তেন্তে ছালখন শুকান হয়, আকৌ যদি ক্ৰীম লগায় আৰু তেলেতীয়া হয়৷ গতিকে এনেকুৱা অৱস্থাত সঠিক প্ৰডাক্ট ব্যৱহাৰ কৰা অত্যন্ত জৰুৰী৷ সেয়েহে আজি আমি ঘৰতে প্ৰস্তুত কৰিব পৰা এনেকুৱা এবিধ মইশ্বৰাইজাৰৰ বিষয়ে ক’ম, যাৰ ব্যৱহাৰৰ পাছত আপোনাৰ ছাল তেলেতীয়া হোৱাৰ পৰা বাচি থাকিব৷

এই বিশেষ মইশ্বৰাইজাৰটো তৈয়াৰ কৰিবলৈ আপোনাক লাগিব গ্ৰীন টী,নাৰিকলৰ তেল, এলেভেৰা জেল আৰু বাদামৰ তেল৷

কেনেকৈ তৈয়াৰ কৰিব এই মইশ্বৰাইজাৰ–

প্ৰথমে এটা পাত্ৰত বাদাম তেল আৰু মিশ্ৰণ কৰি লওক৷ এতিয়া এটা পাত্ৰত পানী গৰম কৰি সেই পাত্ৰটোত বাদাম নাৰিকলৰ তেল থকা পাত্ৰটো দি দিয়ক৷ মনত ৰাখিব যাতে তেলখিনি পানীলৈ নাযায়৷ এতিয়া তাত গ্ৰীন টীৰ বেগটো তিয়াই উতলিবলৈ দিয়ক৷ তাৰ পাছত মিশ্ৰণখিনি চেকি লৈ তাত এচামুচ এলোভেৰা জেল মিহলাই লওক৷ এনেকৈ তেলেতীয়া ছালৰ গৰাকীসকলে ছালখনৰ কাৰণে উপযুক্ত মইশ্বৰাইজাৰ প্ৰস্তুত কৰি ল’ব পাৰে৷


এই মইশ্বৰাইজাৰৰ উপকাৰিতাসমূহ এনেধৰণৰ–
(১) ছাল তেলেতীয়া নহয়৷
(২) পিম্পল্‌ছ দূৰ হয়৷
(৩) ছাল হাইড্ৰেট হৈ থকাত সহায়ক হয়৷
(৪) বয়সৰ চাপ পৰাত বাধা দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here