কোনবিধ ৰঙৰ কেপচিকাম বেছি পুষ্টিকাৰক

0
1802

ৰঙা, সেউজীয়া, হালধীয়া, কমলা আদি বিবিধ ৰঙৰ কেপচিকাম বজাৰত দেখিবলৈ পোৱা যায়৷ এনেধৰণৰ ভিন্নৰঙী কেপচিকাম দেখিবলৈ যেনেকৈ সুন্দৰ, খাবলৈও অতি সোৱাদযুক্ত৷ বিশ্বৰ সকলো দেশতে খোৱাৰ উপকৰণ হিচাপে কেপচিকাম ব্যৱহাৰ কৰা হয়৷ আমাৰ দেশত মূলতঃ সেউজীয়া আৰু ৰঙা কেপচিকামহে দেখা যায়৷ কেপচিকাম দেশীয় চব্‌জি নহ’লেও ইয়াৰ চাহিদা দিনক দিনে বাঢ়িবলৈ ধৰিছে৷

কোনবিধ ৰঙৰ কেপচিকাম বেছি উপকাৰী জানো আহক–

(১) সেউজীয়া কেপচিকামত প্ৰচুৰ পৰিমাণে পটাচিয়াম পোৱা যায়৷ যিয়ে পেশীৰ সংকোচন আৰু প্ৰসাৰণত সহায় কৰে৷ ইয়াত ভিটামিন-C পোৱা যায় বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সেউজীয়া কেপচিকামে অৰিহণা যোগায়৷ শৰীৰৰ বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰে কেপচিকামে৷ ইয়াত থকা ভিটামিন-এৰ বাবে কেঞ্চাৰ প্ৰতিৰোধ হয়৷ হাঁওফাঁওৰ কাৰ্যক্ষমতা বঢ়াই তোলে, চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সেউজীয়া কেপচিকামে সহায় কৰে৷


(২) পুষ্টিবিদসকলৰ মতে ৰঙা আৰু সেউজীয়া কেপচিকামৰ ভিতৰত ৰঙা কেপচিকাম বেছি পুষ্টিগুণসম্পন্ন৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ইয়াৰ লগতে লাইকোপেন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে স্তন আৰু প্ৰষ্টেট কেঞ্চাৰ হোৱাত বাধা দিয়ে৷ ৰঙা কেপচিকামত সেউজীয়া কেপচিকামৰ তুলনাত ১১ গুণ বেছি বিটা কেৰ’টিন, ডেৰ গুণ বেছি ভিটামিন-C, ১০ গুণ বেছি ভিটামিন-Aপোৱা যায়৷ উপৰিউক্ত উপাদানবোৰে মাইগ্ৰেন, চাইনাইটিছ, ইনফেক্‌শ্যন, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাইটিছ আদি বিভিন্ন ৰোগ দূৰ কৰাত সহায় কৰে৷ ৰঙা কেপচিকামৰ সোৱাদ মিঠা হয় আৰু ইয়াৰ উপাদান সেউজীয়া কেপচিকামৰ তুলনাত পুষ্টিগুণ অনেক বেছি হয়৷


(৩) কেঁচা আৰু পূৰঠ হোৱাৰ মাজৰ সময়ত এইধৰণৰ কেপচিকাম সংগ্ৰহ কৰা হয়৷ যাৰ ফলত সেউজীয়া কেপচিকামতকৈ অধিক গুণবিশিষ্ট হয় যদিও ৰঙা কেপচিকামৰ দৰে মিঠা সোৱাদযুক্ত নহয়৷ সেউজীয়া কেপচিকামৰ তুলনাত ইয়াত দুগুণ ভিটামিন-C পোৱা যায়৷ আনহাতে এইবিধ কেপচিকামত বিটা কেৰ’টিন আৰু ভিটামিন-A ৰ পৰিমাণ সেউজীয়া কেপচিকামৰ এক তৃতীয়াংশ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here