আপোনাৰ অনৱৰতে ভোক লাগি থাকে নেকি?

0
2980


ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ভোক৷ যদি আপুনি ডায়েট মেইণ্টেইন কৰিব বিচাৰিছে আৰু ঠিক সেই সময়তে আপোনাৰ পেটে কলমলাবলৈ ধৰিছে তেন্তে আৰু ৰক্ষা নাই৷ আপুনি খাবই লাগিব৷ গতিকে ভোক হৈছে আমাৰ এক শাৰীৰিক কাৰ্য৷ শৰীৰক যেতিয়া কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়, তেতিয়াই আমাৰ ভোক লাগে৷ ইয়াৰ উপৰি আপুনি যদি বহু সময় ধৰি একো খোৱা নাই, তেতিয়াও আপোনাৰ ভোক লাগে৷ শৰীৰত থকা দুবিধ hunger hormone-এ আমাৰ ভোক নিয়ন্ত্ৰণ কৰি থাকে৷ যেতিয়া আমাৰ শৰীৰক আহাৰৰ প্ৰয়োজন হয়, তেতিয়া Ghrelin নামৰ হৰমনবিধে মস্তিষ্কক সংকেত দিয়ে যে খাবৰ সময় হৈছে৷ আৰু যেতিয়া আমাৰ শৰীৰে প্ৰয়োজনীয় আহাৰ লাভ কৰে, তেতিয়া Leptin নামৰ হৰমনবিধে মস্তিষ্কলৈ বাৰ্তা প্ৰেৰণ কৰে যে পেট ভৰ্তি হৈছে৷ এই দুয়োটা হৰমনে একেলগে মিলি কাম সমাধা কৰে৷ কিন্তু কেতিয়াবা ই আপোনাক হাৰাশাস্তিও কৰিব পাৰে৷ যাৰ দেহত বহুত চৰ্বি থাকে, তেওঁলোকৰ শৰীৰত লেপটিনৰ মাত্ৰা অধিক হয়৷ কিন্তু শৰীৰে ইয়াৰ অৱৰোধ কৰি ৰাখে৷ যাৰ বাবে কেতিয়া খোৱা বন্ধ কৰিব লাগে, তেওঁলোকে গম নাপায়৷

গতিকে আজি আমি আপোনালোকলৈ এনে কিছুমান কৌশল লৈ আহিছোঁ, যাৰা দ্বাৰা ভোক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব–


(১) খোৱাৰ সময় সদায় একে থাকিব লাগে৷ সদায় একে সময়তে খোৱাৰ অভ্যাস কৰিলে ই হাংগাৰ হৰমনসমূহক প্ৰশিক্ষণ দিয়াত সহায় কৰে৷ দিনটোত খোৱাৰ সময়ৰ মাজত ব্যৱধান থকাটো অতি বাঞ্ছনীয়৷


(২) অত্যধিক ভোকত একো খাব নালাগে৷ যেতিয়া আপোনাৰ ভোক লাগে, তাৰ দহ-বিশ মিনিটমান পাছতহে আহাৰ গ্ৰহণ কৰিব লাগে৷


(৩) খাদ্য খাওঁতে লাহে লাহে খাব লাগে৷ লাহে লাহে খালে চোবোৱাৰ পৰা খাদ্যদ্ৰব্য গিলালৈকে আমাৰ দহ মিনিট সময়ৰ প্ৰয়োজন হয়৷ যিহেতু Ghrelin আৰু Leptinৰ নিজৰ কাৰ্য সম্পন্ন কৰিবলৈ সময় লাগে৷ গতিকে লাহে লাহে খোৱাৰ ফলত সিহঁতৰ কাৰ্য সমাধা হোৱাত সহায়ক হয়৷


(৪) যদি খাই উঠাৰ পাছত আকৌ আপোনাৰ ভোক লাগে, তেন্তে এগিলাচ পানী খাওক৷ হয়তো শৰীৰক পানীৰ প্ৰয়োজন হোৱাৰ বাবেও ভোক লাগিব পাৰে৷ আচলকৈ শৰীৰক খাদ্যৰ প্ৰয়োজন হ’লে আপোনাৰ শৰীৰটোৱে ভাগৰ অনুভৱ হোৱাৰ লগতে পেট খালী যেনো অনুভৱ হ’ব৷


(৫) ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ঠিকমতে কৰিলে দিনটোলৈ ভোক নালাগে৷ ব্ৰেকফাষ্টত কাৰ্বহাইড্ৰেট, প্ৰ’টিনজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিলে আপোনাৰ দিনটোলৈ শৰীৰত এনাৰ্জি থকাৰ লগতে ভোক নিবাৰণতো সহায়ক হয়৷


(৬) সদায় শৰীৰচৰ্চা কৰিলে আমাৰ শৰীৰৰ আন আন হৰমনৰ লগতে hunger hormone তো ইতিবাচক প্ৰভাৱ পৰে৷


(৭) ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰিলে বহুত দেৰিলৈ পেট ভৰ্তি হৈ থকা যেন অনুভৱ হয়৷ যাৰ দ্বাৰা আপুনি ভোক নিয়ন্ত্ৰণ কৰিব পাৰে৷


(৮) সেউজীয়া আপেলৰ গোন্ধেও ভোক নিয়ন্ত্ৰণত সহায় কৰে৷


(৯) কাম কৰি থকাৰ সময়ত আহাৰ গ্ৰহণ নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here