অসমত ভয়াৱহভাৱে বৃদ্ধি প্ৰদূষিত নদী, বিলৰ সংখ্যা

0
1051

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে প্ৰদূষিত নদী, বিল, জলাশয়ৰ সংখ্যা৷ অসমবাসীৰ বাবে অশনি সংকেত কঢ়িয়াই অনা এই তথ্য অলপতে সংসদত প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰতনলাল কাটাৰীয়াই প্ৰকাশ কৰা মতে অসমত প্ৰদূষিত নদী আৰু বিলৰ সংখ্যা হৈছে ৪৪খন৷ উল্লেখ্য যে ২০১৮ চনত ৰাজ্যখনৰ প্ৰদূষিত নদী, বিলৰ সংখ্যা আছিল ২৮খন৷ কিন্তু মাত্ৰ দুটা বছৰৰ ভিতৰত ৰাজ্যখনত এনে দূষিত নদী, বিলৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ৪৪খন৷ মন্ত্ৰীজনে ৰাজ্য সভাত প্ৰকাশ কৰা মতে, ৰাজ্যৰ প্ৰদূষিত উক্ত নদী আৰু বিলকেইখন হৈছে ক্ৰমে ভৰলু, বৰচলা, দীপৰ বিল, ডিগবৈ, কমলপুৰ, পানচৈ, ব্ৰহ্মপুত্ৰ, খৰচাং, পাগলাদিয়া, বৰাক, বুৰৈ, বেগা, বেঁকী, বুঢ়ীদিহিং, ভোগদৈ, বগীনদী, বৰবিল, বৰদৈপাম, বিলমুখ, ধনশিৰি, দিখৌ, ডিক্ৰং, দিপলাই, দিচাং, গাভৰু, শলুডোংগা, জীয়াভৰলু, জাঁজী, কলং, কপিলী, কিলিং, কঁহৰা, কুলশী, মালিনী, মৰাভৰলী, পৰশালী, পুঠিমাৰী, ৰঙা, চামগুৰি, সোণকোষ, শিলসাঁকো, সৰুচলা, সোণ, সোণাই আৰু চেঙাপুখুৰী৷ উল্লিখিত নদী আৰু বিলসমূহৰ কিছু কিছু অংশ প্ৰদূষিত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে লগতে প্ৰকাশ কৰিছে যে দেশৰ ভিতৰতে দূষিত নদীৰ সংখ্যাৰ তালিকাত মহাৰাষ্ট্ৰ প্ৰথম স্থানত থকাৰ বিপৰীতে অসমৰ স্থান দ্বিতীয়৷ আমি জানো যে কেন্দ্ৰীয় চৰকাৰে গংগাকে ধৰি দেশৰ প্ৰদূষিত নদীসমূহ উদ্ধাৰ কৰাৰ বাবে কোটি কোটি টকা প্ৰদান কৰি আহিছে৷ সেয়ে অসমৰ ক্ষেত্ৰতো আমি কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান– দেশৰ অন্য ঠাইৰ প্ৰদূষিত নদী প্ৰদূষণমুক্ত কৰাৰ লেখীয়া অসমৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে যেন উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি প্ৰদূষিত নদী, বিল, জলাশয়বোৰ ৰক্ষা কৰি পাৰিপাশ্বিৰ্ক এটা পৰিৱেশ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here