কি ঘৰৰ ছাদতো মাছ পুহিব পাৰি?

0
1489

আজিকালি মাছ পালনৰ অতি উত্তম আৰু লাভজনক পদ্ধতি হৈছে বায়’ফ্লক পদ্ধতি৷ এই পদ্ধতিৰ দ্বাৰা মাছ পালন কৰি অলপ ঠাইতে কম ধনেৰে, কম কষ্ট কৰি বৰ্তমান সময়ত ব্যাপকভাৱে বিস্তৃতি লাভ কৰিছে৷ পুখুৰী, বিল আদিত মাছ পালন কৰাতকৈ বায়’ফ্লক পদ্ধতিত মাছ পালন কৰাটো অতি সহজ, লাভজনক৷ অলপ ঠাইতে, ঘৰৰ ছাদ, ঘৰৰ ভিতৰত অস্থায়ীভাৱে পৰীক্ষামূলকভাৱে মাছ পালন কৰিব পাৰি৷ থলুৱা মাছ শিঙি, মাগুৰ, কাৱৈ, কুচিয়া আদি বিভিন্ন প্ৰকাৰৰ মাছ এই পদ্ধতিৰে পালন কৰিব পাৰি৷ এই পদ্ধতিৰে বছৰি ২০ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিব পাৰি৷ সুবিধা অনুযায়ী দুই ধৰণৰ টেংকি প্ৰস্তুত কৰি বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰা হয়৷ প্ৰথমটো টাৰ্পনিল টেংকি আৰু দ্বিতীয়টো চিমেণ্টৰ দ্বাৰা তৈয়াৰ কৰা টেংকি৷ টাৰ্পনিল টেংকি সহজসাধ্য হোৱাৰ লগতে সুবিধাজনক৷ চিমেণ্টৰ দ্বাৰা তৈয়াৰী টেংকি অন্য ঠাইলৈ নিব পৰা নাযায় বাবে পাছত অসুবিধা আহিব পাৰে৷ দহ ফুট বহল চাৰি ফুট উচ্ছতাৰ এটা টাৰ্পনিলৰ টেংকি প্ৰস্তুত কৰি মাছ পোহা হয়৷ ইয়াৰ ব্যয় ২৫ হাজাৰ টকামান খৰচ হয়৷ ইয়াৰ ম্যাদ ৬-৭ বছৰ পৰ্যন্ত হয়৷ টেংকি প্ৰস্তুত কৰিবলৈ সাধাৰণতে লগা সামগ্ৰীবোৰ হ’ল এয়াৰ পাম্প, এয়াৰ এষ্টন পাইপ, চেনেল, টিডিএছ, পি এইচ মিটাৰ আদিৰ উপৰি এম’নিয়া টেষ্ট কিট৷ এইবোৰ কিনোতে প্ৰায় ১৫ হাজাৰ টকাৰ প্ৰয়োজন হয়৷ এয়াৰ পাম্প সকলো সময়তে চলি থকাটো দৰকাৰী৷ ইয়াৰ জৰিয়তে মাছে অক্সিজেন লাভ কৰে৷ আনহাতে বিদ্যুতৰ বিকল্প হিচাপে ৰখাটো অতি প্ৰয়োজন৷ বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰিবলৈ হ’লে প্ৰথমে প্ৰশিক্ষণ ল’ব লাগিব৷ মাছৰ বিষয়ে অধ্যয়ন কৰাটো জৰুৰী৷ মাছৰ বাবে গুৰুত্বপূৰ্ণ এমনিয়া আৰু অক্সিজেন কিদৰে যোগান ধৰা হ’ব জানিব লাগে৷ সদায় পি এইচ মিটাৰৰ দ্বাৰা পানীৰ পৰীক্ষা কৰিব লাগে৷ প্ৰয়োজনীয় মাছৰ আহাৰৰ ব্যৱস্থা ল’ব লাগে৷ মাছৰ উপযোগীকৈ পানীৰ গুণাগুণ ৰখাৰ বাবে পি এইচৰ মান ৭-৮ হ’ব লাগে৷ ইয়াৰ উপৰি গুৰ, চূণ নিমখ আদি কি পৰিমাণে পানীত দিব লাগে, বা দিনত কিমান আহাৰ দিব– এইবোৰ প্ৰশিক্ষণৰ দ্বাৰা সকলো জনা যায়৷ টেংকি অনুসৰি মাছৰ পোনা এৰিব লাগে৷ এই পদ্ধতিৰে মাছ পুহিলে কম দিনৰ ভিতৰতে মাছ ডাঙৰ হয়৷ বৰ্তমান সময়ত চাকৰিৰ প্ৰতিযোগিতাৰ পাছত নদৌৰি এনেদৰে সহজলভ্য পদ্ধতিৰে মাছ পালন কৰি স্বনিৰ্ভৰশীল হোৱাৰ লগতে উপাৰ্জনৰ পথ বাছি ল’লে নিবনুৱা সমস্যা সমাধান হোৱাটো নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here