সাৱধান ! আপুনি হাত নোধোৱে নেকি?

0
1901

আমাৰ প্ৰায়ভাগ বেমাৰে হাতদুখনৰ জৰিয়তে সংক্ৰমণ হয়৷ যিহেতু আমি সকলো কাম হাতদুখনেৰে কৰোঁ৷ গতিকে বিভিন্ন ৰোগৰ বীজাণু, বেক্টেৰিয়া, ভেঁকুৰ আদি হাতদুখনত লাগি থাকিব পাৰে আৰু এইবোৰ বীজাণু খাদ্যৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰি নানাবিধ ৰোগৰ কাৰক হ’ব পাৰে৷ ইউ এছ ডি এ-ৰ দ্বাৰা ২০১৮ চনত কৰা এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে ৯৭ শতাংশ মানুহেই ভালদৰে হাত নোধোৱে৷ ইয়াৰ ফলত বিভিন্ন বেমাৰৰ সংক্ৰমণ হ’ব পাৰে৷ হাত নোধোৱাৰ ফলত কেনেধৰণে বেমাৰৰ বীজাণু সংক্ৰমণ হ’ব পাৰে জানো আহক–

(১) খাদ্য বনোৱাৰ আগতে হাতখন পৰিষ্কাৰকৈ ধুই ল’ব লাগে৷ কাৰণ হাতত ৰোগৰ বীজাণু লাগি থাকিব পাৰে আৰু এই বীজাণু খাদ্যবস্তুত লাগি পেটলৈ গৈ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে৷
(২) হাতত লাগি থকা বীজাণুৰ দ্বাৰা জ্বৰ, কাহ, চৰ্দি, নিউমোনিয়া, বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদি হ’ব পাৰে৷
(৩) শৌচ-প্ৰস্ৰাৱ কৰি অহাৰ পাছত আমি হাতদুখন পৰিষ্কাৰকৈ ধুৱ লাগে, নহ’লে ডায়েৰিয়াজনিত ৰোগ, ছালম’নেলা, ন’ৰ’ ভাইৰাছ আদি ৰোগৰ সৃষ্টি হ’ব পাৰে৷
(৪) হাতদুখন অপৰিষ্কাৰ হৈ থাকিলে খোৱা খাদ্যবস্তুৰ জৰিয়তে ফুড পয়জনিং হোৱাও দেখা যায়৷
(৫) ঘৰৰ ব্যৱহৃত আচবাবপত্ৰ, দৰ্জাৰ হেণ্ডেল আদি স্পৰ্শ কৰাৰ পাছত হাতদুখন পৰিষ্কাৰকৈ ধুব লাগে৷ হাতদুখন নোধোৱাকৈ নাক, মুখ, চকু আদি চুব নালাগে, কাৰণ হাতদুখনত লাগি থকা বীজাণু নাক, মুখেৰে প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰিব পাৰে৷
(৬) আনক খাদ্যবস্তু দিয়াৰ আগতে হাতদুখন পৰিষ্কাৰকৈ ধুইহে দিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here