ওখ স্থানত গ’লে আপোনাৰ ভয় লাগে নেকি?

0
1912

আমাৰ মাজত এনে বহু মানুহ আছে, যাৰ ওখ স্থান যেনে– ওখ দলং, পাহাৰ বগোৱা, ওখ অট্টালিকাত উঠা, ৰ’পৱে’ আদি স্থানলৈ গ’লে ভয় লাগে৷ এনেধৰণে সৃষ্টি হোৱা ভয়ক এক্ৰ’ফ’বিয়া বুলি কোৱা হয়৷ প্ৰায়ভাগ লোককে এক্ৰ’ফ’বিয়াত ভোগা দেখা যায়৷ এক্ৰ’ফ’বিয়াত আক্ৰান্ত হ’লে লোকজনে ওখ স্থান দেখিলে ঘামিবলৈ ধৰে, বুকুৰ বিষ অনুভৱ হয়, হৃদস্পন্দনৰ গতি বাঢ়িবলৈ ধৰে৷ ওখ স্থানৰ পৰা তললৈ চালে তেনে লোকৰ হাত-ভৰি কঁপিবলৈ ধৰে৷ এনে ফ’বিয়াত ভোগা লোকে ওখ স্থানৰ পৰা দূৰত্ব বজাই ৰাখে৷ এনে ফ’বিয়াত ভোগাৰ কাৰণবোৰৰ ভিতৰত নিজে কেতিয়াবা কোনো ওখ স্থানৰ পৰা পৰা বা ওখ ঠাইৰ পৰা আন কাৰোবাক পৰা দেখা আদিবোৰেই হ’ব পাৰে৷ প্ৰতিকাৰ হিচাপে প্ৰথমেই আমাৰ ভয় ভাবটো নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগিব৷ ডাক্তৰৰ পৰামৰ্শ লৈ উপযুক্ত থেৰাপীৰ ব্যৱস্থা কৰিব লাগে৷ ধ্যান, প্ৰাণায়াম আদি নিয়মিতভাৱে কৰিও এই ফ’বিয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে৷ টোপনি ভাল হ’ব লাগে৷ ভি আৰ (Virtual reality) ব্যৱস্থাৰ দ্বাৰাও এই ফ’বিয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ Virtual reality হৈছে বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিমভাৱে তৈয়াৰী এক স্থান, য’ত ফ’বিয়াত আক্ৰান্ত ব্যক্তিয়ে কম্পিউটাৰৰ মাধ্যমেৰে তেনেধৰণৰ স্থান দেখা পায় আৰু এনে পৰিৱেশৰ মুখামুখি কৰোৱাই যিকোনোধৰণৰ ফ’বিয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰোৱা হয়৷l

LEAVE A REPLY

Please enter your comment!
Please enter your name here