সাৱধান ! ৩৫ বছৰৰ আগতে ধূমপান এৰক

0
2442

আমি সকলোৱে জানো ধূমপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ কিন্তু আপুনি যদি ৩৫ বছৰ বয়সৰ আগতে ধূমপান এৰিব পাৰে, তেন্তে আপুনি দীৰ্ঘজীৱী হ’ব পাৰে৷ ২০০২ চনত আমেৰিকান জাৰ্নেল অব্ পাব্লিক হে’ল্থৰ এক তথ্যৰ পৰা জানিব পৰা গৈছে যে ধূমপান সেৱনৰ ফলত হোৱা মৃত্যুৰ হাৰ কমিব, যদিহে ৩৫ বছৰ আগতে ধূমপানৰ অভ্যাস ত্যাগ কৰিব পৰা যায়৷ এজন ব্যক্তি যদি নিয়মিতভাৱে চিগাৰেট সেৱন কৰি থাকে, তেন্তে তেওঁ মাত্ৰ ৭৫ বছৰহে জীয়াই থাকিব পাৰে৷ অতিকমেও পোন্ধৰ বছৰো যদি আমি ধূমপান সেৱন নকৰাকৈ থাকোঁ, তেন্তে আমি সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰোঁ৷ এনে লোকৰ জীৱনৰ আয়ুস আৰু দহ বছৰ পৰ্যন্ত বাঢ়িব পাৰে৷ যিহেতু ধূমপান সেৱনৰ ফলত কেঞ্চাৰ, হাৰ্ট এটেক, ষ্ট্ৰ’ক, হাঁওফাঁওজনিত ৰোগৰ সৃষ্টি হয়৷ গতিকে যদি আমি ৩৫ বছৰৰ আগতে ধূপমান ত্যাগ কৰিব পাৰো তেন্তে এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰিও আমি ৰোগমুক্তভাৱে জীৱন অতিবাহিত কৰিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here