আপেল শুঙিলে কি হয়?

0
2186

অসাধাৰণ গুণৰ অধিকাৰী আপেলৰ বিষয়ে বৰ্ণনা কৰাটো নিষ্প্ৰয়োজন৷ দৈনিক এটা আপেল সেৱনৰ দ্বাৰা আমি নিৰোগী হৈ থাকিব পাৰো৷ কিন্তু আপুনি জানি আচৰিত হ’ব আপেল খালে যিমানখিনি উপকাৰ হয়, একেদৰে ইয়াক শুঙিলেও ইয়াৰ পৰা পাব পাৰি চমৎকাৰী লাভ৷ “স্মেইল এণ্ড টেষ্ট ট্ৰিটমেন এণ্ড ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ” এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে সেউজীয়া আপেলৰ গোন্ধে মানসিক চিন্তা-অৱসাদ দূৰ কৰে৷ সীমিত পৰিসৰত আবদ্ধ ঠাই যেনে– গুহা, বন্ধ নলা-নৰ্দমা, বাকচত আবদ্ধ, শুকান কুঁৱা, খনি আদিৰ লগত জড়িত ভয়, শংকা, আতংক আদি দূৰ কৰাত আপেলৰ গোন্ধই সহায় কৰে৷ অৰ্থাৎ ক্লষ্ট্ৰ’ফবিয়া ৰোগ নিৰ্মূলত আপেলৰ গোন্ধে উল্লেখযোগ্য ভূমিকা লয়৷ অন্যহাতে সেউজীয়া আপেলে মূৰৰ বিষ, মাইগ্ৰেন দূৰ কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ উল্লেখ্য যে ওজন কমোৱাতো ইয়াৰ গোন্ধই সহায় কৰে৷ এটা গৱেষণাৰ পৰা পোৱা গৈছে যে আপেলৰ গোন্ধত ভোক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে ৷ এই গৱেষণাত অত্যধিক ওজন থকা ব্যক্তি বিশেষকৈ ১৮-৬৪ বছৰ বয়সৰ মহিলাক ভোক লাগিলে সেউজীয়া আপেল শুঙিবলৈ দিছিল৷ ছয় মাহৰ অন্তত দেখা গৈছিল যে এটা মাহত তেওঁলোকৰ গড়ে ৫ এল বি ওজন হ্ৰাস পাইছিল৷ ইয়াৰ পৰা বুজিব পাৰি যে ওজন নিয়ন্ত্ৰণত আপেলৰ ভূমিকা উল্লেখনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here