পৃথিৱীৰ প্ৰায় ২,৫০,০০০ বিধ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদেই হৈছে ঔষধি গুণসম্পন্ন৷ অসমৰ হাবি-বন, বাৰী আদিত নানাধৰণৰ বনৌষধি উদ্ভিদ পোৱা যায়৷ ইয়াৰ ভিতৰত দুপৰটেঙা এবিধ৷ ই পাতৰ পৰা উৎপন্ন হয় বাবে ইয়াক সাধাৰণতে পাতেগজা বুলিও জনা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম কলেনচ্ছিও পিন্নাটা (Kalanchoe Pinnata)৷ এইবিধ উদ্ভিদ অনেক ঔষধি গুণেৰে সমৃদ্ধ৷ ইয়াৰ ঔষধি গুণবোৰ তলত উল্লেখ কৰা হ’ল–
(১) কিড্নীৰ পাথৰ নিৰাময়ৰ বাবে দুপৰটেঙাৰ ৰস উত্তম৷ ইয়াৰ ৰস উলিয়াই খালে কিড্নীৰ পাথৰ, পিত্তৰ পাথৰ নাইকিয়া হয়৷
(২) কলেৰা, তেজ হাগনি আদি ৰোগৰ বাবে পাতেগজাৰ ৰস উপকাৰী৷
(৩) দুপৰটেঙাৰ ৰসৰ সৈতে জালুকৰ গুড়ি মিহলাই পাইলছ বা অৰ্শৰোগীক খাবলৈ দিলে সুফল পোৱা যায়৷
(৪) জণ্ডিচ ৰোগীৰ বাবে ইয়াৰ ৰস অতি উপকাৰী৷
(৫) জুয়ে বা গৰম পানীয়ে পুৰিলে ইয়াৰ ৰস লগে লগে ক্ষতস্থানত দিলে জ্বলন-পোৰণ কমে আৰু ঢৌ নুঠে৷
(৬) উচ্ছ ৰক্তচাপ থকা লোকে নিয়মিত দুপৰটেঙাৰ ৰস পৰ্যাপ্ত মাত্ৰাত খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷
(৭) যিসকল লোকৰ প্ৰস্ৰাৱৰ মাত্ৰা কম, তেওঁলোকে দুপৰটেঙা খাব লাগে৷ প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধিত দুপৰটেঙাই সহায় কৰে৷
(৮) চকুৰ অসুখত দুপৰটেঙাৰ ৰস উলিয়াই গৰম কৰি চকুত সেক দিলে উপশম পোৱা যায়৷
(৯) দুপৰটেঙাৰ পাতৰ ৰস কাণৰ বিষৰ বাবে উপকাৰী৷
(১০) মৌৰ সৈতে দুপৰটেঙাৰ ৰস খালে বাতবিষ, গাঁঠিৰ বিষ, মূৰৰ বিষ নাইকিয়া হয়৷
প্ৰকৃতিপ্ৰদত্ত এনেকুৱা বনৌষধি উদ্ভিদ ঘৰৰ চৌহদত ৰোপণ কৰাটো অত্যন্ত আৱশ্যক৷ যাৰ জৰিয়তে আমাৰ শৰীৰ ৰোগমুক্ত কৰি ৰাখিব পৰা যায়৷