কিমান ড’জ ভেক্‌চিন লাভ কৰিব অসমে?

0
1532

ভাৰতত কৰ’নাৰ ভেক্‌চিনৰ ব্যৱহাৰত অনুমোদন জনোৱাৰ পাছতে টিকাকৰণৰ কাম আৰম্ভ কৰা হ’ব৷ অহা জানুৱাৰীৰ পৰা দেশখনত টিকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাবে চৰকাৰে ব্যাপক ৰূপত প্ৰস্তুতি আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে অলপতে ৰাজ্যসমূহলৈ এখন ১১৩ পৃষ্ঠাৰ নীতি-নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ ইয়াত টিকাকৰণৰ সময়ত অগ্ৰাধিকাৰ দিব লগা বিষয়ৰ বিষয়ে উল্লেখ কৰা হৈছে৷ ইয়াৰ লগতে কিহৰ ভিত্তিত ৰাজ্যসমূহক কৰ’নাৰ ভেক্‌চিনৰ যোগান ধৰা হ’ব, সেই বিষয়েও উল্লেখ কৰা হৈছে৷ যিবিলাক ৰাজ্যত ৫০ বছৰৰ ঊধবৰ্ৰ বহুমূত্ৰ আৰু উচ্ছ ৰক্তচাপ থকা অধিক লোক আছে, সেইবোৰ ৰাজ্যই ভেক্‌চিনৰ অধিক ড’জ লাভ কৰিব৷ এনে অৱস্থাত তামিলনাডুৰ জনসংখ্যা কম হোৱা সত্ত্বেও বিহাৰৰ তুলনাত ৰাজ্যখনে কৰ’নাৰ ভেক্‌চিনৰ অধিক ড’জ লাভ কৰিব৷ নেশ্যনেল ফেমিলী হে’ল্‌থ ছাৰ্ভিচৰ মতে, সৰ্বাধিকসংখ্যক বহুমূত্ৰ আৰু উচ্ছ ৰক্তচাপ থকা লোকৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে কেৰালা৷ উল্লেখ্য যে অসমত ৫০ বছৰৰ ঊধবৰ্ৰ ৬০ লাখ লোক আছে৷ ইয়াৰে প্ৰায় ৫১ লাখ বহুমূত্ৰ, উচ্ছ ৰক্তচাপ আৰু আন ৰোগত আক্ৰান্ত৷ সেই ফালৰ পৰা চাবলৈ গ’লে অসমে প্ৰাৰম্ভিক পৰ্যায়ত ৬০ লাখ ড’জ ভেক্‌চিন লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এইবুলি পৰামৰ্শ দিছে যে এখন জিলাৰ বাবে এটা কোম্পানীৰ ভেক্‌চিনহে আবণ্টন কৰিব লাগে৷ ইয়াৰ লগতে ৰাজ্যসমূহক টিকাকৰণৰ ক্ষেত্ৰত হ’ব লগা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ সকলো দিশৰ পৰা সজাগ আৰু সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here