Beauty PlusDaily newsDiet PlusFitness PlusHealth NaturallyHealth TalksUncategorizedকোলন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে এইবোৰ খাদ্য এৰাই চলকBy Health Plus - October 18, 202503Facebook Twitter Pinterest WhatsApp বৰ্তমান কোলন কেঞ্চাৰত আক্ৰান্ত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰৰ এইধৰণৰ সমস্যাৰ সৈতে আছে খাদ্যাভ্যাসৰ এটা ওত্পৰোত সম্পৰ্ক৷ গৱেষণাৰ পৰা জনা গৈছে যে কোলন কেঞ্চাৰৰ বাবে এনে কিছুমান ৰাসায়নিক উপাদান আছে, যিবোৰ আমি খাদ্যৰ জৰিয়তে লাভ কৰোঁ৷মাছ-মাংস অত্যধিক তাপমাত্ৰাত ৰন্ধাৰ ফলত হেটোৰোচাইক্লিক এমাইনছ আৰু পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বন নামৰ যৌগ উৎপন্ন হয়৷ বিশেষকৈ গ্ৰিল, জুইত মাংস, কাবাব উচ্ছ তাপত পোৰা-ভজাৰ সময়ত এই যৌগ বেছিকৈ উৎপন্ন হয়৷ এইবোৰ যৌগই কেঞ্চাৰৰ সম্ভাৱনা বঢ়ায়৷ সেয়ে মাছ-মাংস পোৰা বা ফ্ৰাই কৰাৰ সলনি পানীৰে জোল বনাই খালে উপকাৰ পোৱা যায়৷উচ্ছ তাপমাত্ৰাত ভজা বা বেক কৰা খাদ্য যেনে– ফ্ৰেন্স ফ্ৰাই, ছিপছ, ক্ৰেকাৰ অথবা অতিৰিক্ত তেলেৰে ভজা বিস্কুটত এক্ৰিলানাইড প্ৰস্তুত হয়৷ আনহাতে যিবোৰ খাদ্য এবাৰতকৈ বেছি দুই বা ততোধিক ভজা হয়, এইবোৰ খাদ্যত এক্ৰিলামাইড অত্যধিক মাত্ৰাত উৎপন্ন হয়৷ এইবোৰ খাদ্য নিয়মিতভাৱে খালে পৰিপাকতন্ত্ৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে৷ষ্টাৰ্চি খাদ্য ১২০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত তাপমাত্ৰাত ৰান্ধিলে এক্ৰিলামাইড উৎপন্ন হয়৷ শৰ্কৰা আৰু এছপাৰাজিন মানৰ এমিন’ এচিডৰ প্ৰতিক্ৰিয়াত এই যৌগ উৎপন্ন হয়৷ সেয়ে শৰ্কৰাজাতীয় খাদ্য উচ্ছ তাপমাত্ৰাত ভাজি খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ চচেজ, হেম, বেকন, হটডগ আদি প্ৰক্ৰিয়াজাত খাদ্যত নাইট্ৰেট আৰু নাইট্ৰাইটছ নামৰ একধৰণৰ ৰাসায়নিক প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰা হয়৷ উচ্ছ তাপত এই যৌগই নাইট্ৰাচামাইন গঠন কৰে, যিয়ে কেঞ্চাৰৰ সম্ভাৱনা বঢ়ায়৷ সেয়ে প্ৰক্ৰিয়াজাত খাদ্য এৰাই চলাই ভাল৷বিভিন্ন প্ৰকাৰৰ কীটনাশকত অৰ্গানোফচফেটত থাকে৷ বালাইনাশক হিচাপে ব্যৱহাৰ এইবোৰ শাক-পাচলি বা ফল-মূলত থাকি যাব পাৰে৷ ভালদৰে পৰিষ্কাৰ নকৰি এইবোৰ খাদ্য খালে কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ি যায়৷ সেয়ে অতিমাত্ৰা বালাইনাশক প্ৰয়োগ কৰা খাদ্য গ্ৰহণৰ পৰা বিৰত থকাই ভাল৷