চকুৰ এই পাঁচ লক্ষণে দিয়ে কিডনীৰ সমস্যাৰ সংকেত

0
2

চকুৱে কেৱল দেখা ক্ষেত্ৰতে কাৰ্য সম্পাদন কৰে যদিও কেতিয়াবা কেতিয়াবা শৰীৰৰ অভ্যন্তৰীণ সমস্যাৰো আগজাননী দিয়ে৷ কিডনীৰ অসুখ তাৰ ভিতৰত অন্যতম৷ কিডনী আৰু চকু দুয়োটা অংগই সূক্ষ্ম ৰক্তনলী আৰু তৰলৰ ভাৰসাম্যৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়ে কিডনীৰ সমস্যা হ’লে তাৰ প্ৰভাৱ চকুতো পৰা পৰিলক্ষিত হয়৷ জানি থওক চকুৰ এই পাঁচটা লক্ষণ সম্পৰ্কে, যিয়ে আপোনাৰ কিডনীৰ সমস্যাৰ ইংগিত বহন কৰে৷
পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছত বহুতৰে চকু ফুলি থাকে৷ সেয়া সাধাৰণ কথা যদিও সেই ফুলা চকু যদি গোটেই দিনটো থাকে, তেন্তে সেয়া চিন্তাৰ বিষয়৷ বিশেষকৈ চকুৰ পতাৰ চাৰিওফালে ফোলাভাব থাকিলে সতৰ্ক হোৱা উচিত৷ এইটো প্ৰ’টিনুৰিয়া হ’ব পাৰে৷ যেতিয়া প্ৰস্ৰাৱৰ মাধ্যমেৰে প্ৰ’টিন বাহিৰ হৈ যায়, এইবোৰ শৰীৰৰ নৰম টিছুত তৰল জমা হয়৷ এইবোৰ চকুৰ চাৰিওফালে জমা হ’ব পাৰে৷ কিডনীৰ ক্ষতিৰ অন্যতম এয়া প্ৰাথমিক লক্ষণ৷
হঠাৎ দৃষ্টি দ্বিগুণ হোৱা বা ডাবল দেখা, ফোকাচত কষ্ট পোৱা, দৃষ্টিশক্তি কমি যোৱা এইবোৰ হ’ব পাৰে চকুৰ সূক্ষ্ম ৰক্তনলীৰ ক্ষতিৰ কাৰণে৷ যাক হাইপাৰটেনছিভ ৰেটিনোপেথি আৰু ডায়েবেটিক ৰেটিনোপেথি নামে পৰিচিত৷ উচ্চ ৰক্তচাপ আৰু অনিয়ন্ত্ৰিত ডায়েবেটিছ কিডনী ৰোগৰ প্ৰধান লক্ষণ আৰু এইবোৰে ৰেটিনাৰ ৰক্তনলীৰ ক্ষতি কৰিব পাৰে৷ ফলত ৰেটিনাত তৰল জমা হয়, ফুলা ভাব, আনকি গুৰুতৰ হৈ দৃষ্টিশক্তি হেৰুৱাবলগীয়াও হ’ব পাৰে৷
চকুৰ পানী শুকাই যোৱা, শুষ্কতা অনুভৱ কৰা, চকুৰ খজুৱতি আদি বিভিন্ন অসুবিধা হ’ব পাৰে কিডনীৰ সমস্যা হ’লে৷ ইয়াৰ কাৰণ হ’ব পাৰে কেলচিয়াম আৰু ফচফেটৰ ভাৰসাম্যহীনতা বা শৰীৰৰ বৰ্জ্য পদাৰ্থ জমা হ’লে অশ্ৰু উৎপাদন আৰু চকুৰ লুব্ৰিকেশ্যন কমি যায়৷ যদি পৰিৱেশগত কাৰণত চকু সঘনাই শুষ্ক হৈ, ৰঙা পৰি৷ চকুৰ খচখচনি অনুভৱ হয়, তেনেহ’লে কিডনীৰ পৰীক্ষা কৰা জৰুৰী৷
চকু ৰঙা পৰাৰ আঁৰত এলাৰ্জি, ক্লান্তি বা সংক্ৰমণ এইবোৰ কাৰণ জড়িত হৈ থাকে৷ কিডনী ৰোগৰ ক্ষেত্ৰত অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ বা ডায়েবেটিছৰ কাৰণ থাকিব পাৰে৷ ৰক্তচাপ বাঢ়ি গ’লে চকুৰ ক্ষুদ্ৰ ৰক্তনলী ফাটি গৈ চকু ৰঙা পৰিব পাৰে৷ চকুৰ ৰঙা পৰা লগতে যদি গাঁঠিৰ বিষ, ফুলা ভাব, ছালৰ শুষ্কতা আদি লক্ষণ দেখা যায়, তেন্তে কিডনীৰ পৰীক্ষা কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here