ফ্ৰিজত ৰাখক এবাটি নিমখ পাব চমৎকাৰ উপকাৰিতা

0
12

বৰ্ষাকালত ফ্ৰিজত এবাটি নিমখ ৰাখিলে বেছ উপকাৰ পোৱা যায়৷ বিশেষকৈ বৰ্ষাৰ আদ্ৰৰ্তাজনিত সমস্যাবোৰৰ সৈতে মোকাবিলা কৰাত সুবিধা হয়৷ উল্লেখ্য যে বৰ্ষাকালত বায়ুত আদ্ৰৰ্তাৰ পৰিমাণ বাঢ়ি যায়৷ সেই আদ্ৰৰ্তা ফ্ৰিজৰ ভিতৰতো ঢ়ুকি পায়৷ যাৰ ফলত ফ্ৰিজত ৰখা খাদ্যবস্তু তিতা বা ভিজা হৈ থাকে বা বাষ্প জমা হয়৷ নিমখে প্ৰাকৃতিকভাৱে পানী শোষণ কৰে৷ যাৰ ফলত এবাটি নিমখ ফ্ৰিজত ৰাখিলে ই অতিৰিক্ত আদ্ৰৰ্তা শুহি লয়৷ আনহাতে ফ্ৰিজত বিভিন্ন খাদ্যৰ পৰা ওলোৱা দুৰ্গন্ধ মিহলি হৈ এটা অস্বস্তিকৰ গোন্ধ সৃষ্টি হয়৷ নিমখ গোন্ধ শোষণত কাৰ্যকৰী৷ সেয়ে ফ্ৰিজত নিমখ ৰখাৰ ফলত ফ্ৰেচ আৰু গোন্ধমুক্ত ৰখাত সহায় কৰে৷ আদ্ৰৰ্তাৰ কাৰণে ফ্ৰিজত ভেঁকুৰ, বেক্টেৰিয়াৰ সৃষ্টি আশংকা থাকে৷ নিমখে সেই আদ্ৰৰ্তা কমাই দিয়াৰ ফলত ভেঁকুৰে বিস্তৃতি লাভ কৰিব নোৱাৰে৷ ইয়াৰ বাবে এটা সৰু বাটিত এবাটি নিমখ ল’ব৷ তাত তিনি-চাৰি চামুচ মোটা দানাৰ নিমখ ল’ব৷ বাটিটো ফ্ৰিজৰ এটা কোণত ৰাখি থ’ব৷ প্ৰতি এসপ্তাহৰ মূৰে মূৰে নিমখখিনি সলনি কৰি দিব৷ কিয়নো নিমখে পানী শোষণ কৰি আদ্ৰৰ্ হৈ যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here