Beauty PlusFitness PlusHealth NaturallyHealth Talksনিঃশব্দে শৰীৰত বৃদ্ধি হ’ব পাৰে ষ্ট্ৰেচ হৰমনৰ মাত্ৰাBy Health Plus - October 4, 2025013Facebook Twitter Pinterest WhatsApp সহজ-সৰল অভ্যাসে অজান্তিতে মানসিক চাপৰ কাৰণ হ’ব পাৰে৷ কোনবোৰ বিষয়ক লৈ সতৰ্ক নহ’লে সমস্যা বাঢ়ে৷ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কিন্তু মাত্ৰাধিক হাৰত বৃদ্ধি হ’লে বিপদ৷ টোপনি, বিপাকৰ হাৰ, শৰীৰৰ বহু জৰুৰী কাম-কাজ সম্পাদনাত সহায় কৰি যি কৰ্টিচেলে, ক্ষেত্ৰবিশেয়ে সেই হৰমনেই হ’ব পাৰে বিপদৰ কাৰণ৷ আৰু এনে ঘটনা ঘটিব পাৰে অজানিতে৷ দৈনন্দিন অভ্যাসৰ ফলত৷ বিশেষজ্ঞই কৈছে যে টোপনিৰ পৰা সাৰ পাই দৈনন্দিন কামত কৰ্টিচেলৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ কিন্তু হৰমনৰ মাত্ৰা বৃদ্ধি পালে সমস্যাই দেখা দিব পাৰে৷ দৈনিক কিছু খাদ্যাভ্যাসেও হ’ব পাৰে ইয়াৰ কাৰণ৷এড্ৰিনালিন গ্ৰন্থিৰ পৰা নিঃসৃত কৰ্টিচেল হৰমনৰ আৰু এক পৰিচিত নাম ষ্ট্ৰেচ হৰমন হিচাপে, যি বেছিকৈ ক্ষৰিত হ’লে মানসিক চাপ, উদ্বেগ আদি বঢ়াই দিয়ে৷ ইয়াৰ প্ৰভাৱ শৰীৰৰ উপৰি মনতো পৰে৷ টোপীনৰ অভাৱ, অতিৰিক্ত শৰীৰচৰ্চা, কথাৰ কটাকটি আদি সাধাৰণ বিষয়ত কৰ্টিচেল মাত্ৰা বঢ়াই দিব পাৰে৷ কফি, জাংক ফুড, মিঠাইজাতীয় খাদ্য আদিবোৰে হৰমনৰ মাত্ৰা কমাই দিব পাৰে৷ খোৱাৰ ক্ষেত্ৰত সচেতন নহ’লে নজনাকৈয়ে বাঢ়িব পাৰে কৰ্টিচেলৰ মাত্ৰা, যাৰ প্ৰভাৱ পৰে মেজাজত৷ ইয়াক নিৰাময়ৰ বাবে প্ৰথমে কোন কাৰণত বাবে এইধৰণৰ সমস্যাৰ সৃষ্টি হৈছে. তাক ভালদৰে জানি সচেতনভাৱে ইয়াৰ পৰা দূৰত থকা ভাল৷ ঠিকমতে টোপনি মৰা, সঠিক শৰীৰচৰ্চা কৰা, আৱেগ নিয়ন্ত্ৰণ কৰা আদি প্ৰচেষ্টা এইক্ষেত্ৰত কাৰ্যকৰী হ’ব পাৰে৷